Class 12 Assamese Anandaram Baruah Question Answer  তথা দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ আনন্দৰাম বৰুৱাৰ সম্পুৰ্ণ প্ৰশ্ন উত্তৰ আপুনি বিচাৰি আছে নেকি? তেন্তে আজি আপুনি সঠিক স্থানত আহিছে, আমি Nitid Academy ত Class 12 Assamese Anandaram Baruah Question Answer আজি আলোচনা কৰিব প্ৰয়াস কৰিছো।

আপুনি যদি Class 12 Arts বা Class 12 Science বা Class 12 Commerce ৰ শিক্ষাৰ্থী তেন্তে এই লিখনিয়ে আপোনাক যথেষ্ট সহায় কৰিব।

Class 12 Assamese Anandaram Baruah Question Answer  আলোচনা কৰাৰ আগতে এটি কথা উল্লেখ কৰিব লাগিব যে, আমি ইয়াৰ আগতে মোৰ মাতৃমুখ দৰ্শন প্ৰশ্ন উত্তৰ , মগনিয়াৰ কথা (কবিতা) প্ৰশ্ন উত্তৰ আলোচনা কৰিছো। আপুনি বিচাৰিলে তলত দিয়া লিংকৰ পৰা পঢ়িব পাৰে।

মোৰ মাতৃমুখ দৰ্শন
মগনিয়াৰ কথা (কবিতা)

Class 12 Assamese Anandaram Baruah Question Answer  | সম্পূৰ্ণ প্ৰশ্ন উত্তৰ

আজি আমি আলোচনা কৰি আছোঁ “আনন্দৰাম বৰুৱা” নামৰ দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ তৃতীয় অধ্যায়ৰ প্ৰশ্ন উত্তৰ। ইয়াত আমি Class 12 Assamese Anandaram Baruah Question Answer  অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, দীঘল প্ৰশ্ন উত্তৰ, ব্যাখ্যা আৰু ইয়াৰ লগতে Class 12 Assamese Anandaram Baruah ৰ পৰা হৈ যোৱা HS Final Exam ত কি কি প্ৰশ্ন সুধিছিল তাৰো সমাধান দিবলৈ প্ৰয়াস কৰিছো।

 (ক)অতি চমু প্রশ্ন (প্রতিটা প্ৰশ্নৰ মূল্যাংক -১)

১। আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল?

উত্তৰ: উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত।

২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?

উত্তৰ: ভাৰতত শিক্ষা শেষ কৰি আনন্দ ৰাম বৰুৱা সুদূৰ ইউৰূপলৈ গৈছিল ।

৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?

উত্তৰ: মহাবীৰ চৰিত।

৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।

উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা বিদেশী পণ্ডিত জন হ’ল – জগত বিখ্যাত পণ্ডিত মেক্স মূলাৰ।

৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?

উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্রশ্নৰ মূল্যাংক – ২ অথবা ৩)

১। আনন্দৰাম বৰুৱাৰ কোনবােৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?

উত্তৰ: আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃ তথা আত্মীয়-স্বজনৰ প্রতি শ্রদ্ধা, ভক্তি, স্বদেশপ্রেম, জ্ঞান চর্চাৰ প্ৰতি স্পৃহা, একাগ্রতা, কর্মদক্ষতা আদি গুণবােৰ সদায় অনুকৰণ কৰিবলগীয়া।

২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰােপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?

উত্তৰ: আজিকালি বিলাতলৈ অনেক যায়। গতিকে বর্তমান ই একো আচৰিত হােৱা কথা নহয়। কিন্তু, আনন্দ ৰাম বৰুৱাই যি কালত বিলাতলৈ গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম মানুহেহে ইউৰােপলৈ যাবলৈ সাহ কৰিছিল। যিসকলে সাত সাগৰ, তে’ৰ নদী পাৰ হৈ দুর্গম পথ অতিক্রম কৰাৰ সাহ কৰিব পাৰে, তেনে সাহসিয়ালহে ইউৰােপলৈ গৈছিল। যাওঁতে অশেষ পৰিশ্ৰমৰাে আৱশ্যক আছিল। পৰিশ্ৰম নকৰা আৰু সাহ নথকা লােকসকলে ইউৰােপলৈ যাবলৈ সাহস গােটাব পৰা নাছিল। তাৰােপৰি বিলাতলৈ গ’লে নিজৰ জাতি যােৱাৰ ভয় থাকে। অধিকসংখ্যক লােকেই পৰিশ্ৰম নকৰা, সাহসৰ অভাৱী আৰু জাতি যাবলৈ নিবিচৰাৰ বাবেই নিচেই কম ভাৰতৰ মানুহহে সেইসময়ত বিলাতলৈ গৈছিল। জ্ঞান প্ৰতি থকা একান্ত আগ্রহৰ বাবে তেওঁলােকে ইউৰােপলৈ যাব পাৰিছিল।

৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?

উত্তৰ: জগত বিখ্যাত পণ্ডিত হৈয়াে আনন্দৰাম বৰুৱাই দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র, পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তোষ লাভ কৰিছিল।

8। আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।

উত্তৰঃ আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তি কম নথকাৰ কথাটো অধ্যাপক উপেন্দ্র চন্দ্র লেখাৰুৱে পাঠটিত উদাহৰণৰ সৈতে প্রমাণ কৰি দেখুৱাইছে। ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁক প্রকাশিত গ্রন্থসমূহতে আনন্দৰামে এইদৰে পৰিচয় দিছে। তেওঁৰ ‘মহাবীৰ চৰিত’ ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখােতে কামৰূপৰ ভাওনাৰ উল্লেখ কৰিছে । এইদৰে য’তে সুবিধা পাইছে ত’তে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ উল্লেখ কৰি তেওঁ স্বদেশপ্রেমৰ পৰিচয় দিছে। শ্রদ্ধেয় ভূঞা ডাঙৰীয়াই দিয়া আনন্দ ৰাম বৰুৱা জীৱনীৰ বিৱৰণবােৰৰ পৰা আমি জানিব পাৰাে যে তেওঁ সদায় নিজ দেশ আৰু দেশৰ লােকসকলৰ সন্মান ৰক্ষা কৰিছিল। আমিও ক’ব পাৰাে যে যি দেশৰ পিতৃ-মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান-পিপাসু আৰু প্রকৃত কর্মী পুত্ৰৰ জন্ম হব পাৰে সেই দেশৰ নৰ-নাৰী আটাইয়ে শ্রদ্ধা পায়।

৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?

উত্তৰঃ নৱযুগৰ আৰম্ভণী অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তােলাৰ বাবে আনন্দ ৰাম বৰুৱা সদায় পূজ্য থাৈকিব।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক – ৪ অথবা ৫)

১।মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।

উত্তৰ: উক্ত বাক্যশাৰী উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে আনন্দ ৰাম বৰুৱাৰ আদৰ্শ আৰু কৰ্মৰ কথা ক’বলৈ গৈ মন্তব্য কৰিছে। আনন্দ ৰাম বৰুৱাই অসমৰে এখন সৰু গাৱত আন সাধাৰণ অসমীয়াৰ দৰে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল বুলি লেখাৰুৱে কৈছে। কিন্তু, আনন্দৰাম একান্তভাৱে জ্ঞান চর্চা কৰা অসাধাৰণ ব্যক্তি আছিল। ইয়েই তেওঁক বিশেষত্ব। ইয়েই তেওঁ মহৎ আৰু অমৰ কৰি তুলিছে। তেওঁৰ মূল্যৱান সংস্কৃত গ্রন্থসমূহৰ কাৰণে তেওঁ সদায় পূজনীয় হৈ থাকিব। ইয়াৰ উপৰি, তেওঁ তেওঁৰ জীৱনত যিবিলাক আদর্শ দেখুৱাই গৈছে সেইবােৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাওতা ৰূপে আনন্দৰামক সদায় স্মৰণ কৰি আকাৰহীন আনন্দ ৰামক মূর্তিমন্ত কৰি সদায় চকুৰ আগত ৰখাৰ পােষকতা অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৱে কৰিছে। অধ্যাপক লেখাৰুৰ মতে প্রকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।

২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উত্তৰ: একাগ্রতাৰ গুণতে আনন্দ ৰাম বৰুৱাই অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। একাগ্ৰতাৰ গুণেই আনন্দৰামক সাহস আৰু শক্তিদান কৰিছিল। সেই দেখিয়ে আগৰ জ্ঞানীসকলে সকলাে জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি অভিনয় উৎসৱত যােগ দিওঁতে আনন্দ ৰাম যেনে একমন আছিল, সেইদৰে লিখা-পঢ়া বিষয়ত তেওঁ একমনা আছিল। সেয়েহে গােটেই অমৰ কোষখনি তেওঁ ল’ৰাকালতে কণ্ঠস্থ কৰিব পাৰিছিল। নানা কুভাৱক মনত ঠাই দিলে আৰু মনপুতি নালাগিলে কোনেও এনেদৰে পাঠ আয়ত্ব কৰিব নােৱাৰে আৰু কোনাে বিষয়তে সফল হ’ব নােৱাৰে। আনন্দ ৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁ একাগ্ৰতাৰে জ্ঞান, চৰ্চাৰ অনুৰাগ সাধনাক প্ৰৱলভাৱে অব্যাহত ৰাখিছিল।

৩। প্রসংগ -সংগতি দর্শই ব্যাখ্যা কৰা — কৰ্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

উত্তৰ: উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ’ অন্তৰ্গত উপেন্দ্র চন্দ্ৰ লেখাৰু দেৱৰ ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কমই ধর্ম। উক্ত কথাফাঁকিৰ দ্বাৰা এই কথাটিকে বুজোৱা হৈছে। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম। তেওঁৰ মতে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ। তেওঁ কেতিয়াও কামৰ বাবে প্রশংসা বা মান নিবিচাৰিছিল। আনন্দৰাম বৰুৱাৰ কর্মময় জীৱনত জগত বিখ্যাত পণ্ডিত মেক্সমুলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। অদম্য কর্মস্পৃহা আৰু কৰ্মী মনােভাৱ থকা বাবেই জীৱনকালৰ অতি চমু যাত্ৰাতাে তেওঁ অতি উচ্চ মানদণ্ডৰ গ্ৰন্থ ৰচনা কৰি বিশ্ববিখ্যাত হৈ পৰিছিল। সেয়ে লেখকে জীৱনৰ আন এটি নাম কর্ম বুলি কৈছে আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ বুলি উল্লেখ কৰিছে।

8। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা।

উত্তৰ: আনন্দৰামৰ মহৎ আদৰ্শৰ কথা আলােচনা কৰি, তেওঁৰ স্মৃতি মন্দিৰ স্থাপন কৰি তেওঁৰ স্মৃতিত গ্রন্থাদি ৰচনা কৰি, অনুসন্ধান সমিতি আদিৰ সূত্রপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰাে আৰু মহৎ আদৰ্শৰ প্রতি শ্রদ্ধা দেখুৱাই আমাৰ নিজ মনােবৃত্তিৰ আৰু শিক্ষা সাধনাৰ পৰিচয় দিব পাৰে।

৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা।

উত্তৰ: অধ্যাপক উপেন্দ্র চন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দ ৰাম বৰুৱাৰ আগতে সংস্কৃত চর্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নােৱাৰি। পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলােচনা কৰিবলৈ সুবিধা পােৱা নাছিল। কিন্তু আনন্দ ৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল। প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁকে আদর্শ কৰি ভাৰততাে বহুতে সংস্কৃত চর্চা কৰিবলৈ ধৰিলে। আমাৰ অসমৰ লােকসকলৰ তেওঁ গৌৰৱ ৰবি।

আজিও যিসকল লােকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলাে প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে। একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাবে আনন্দ ৰাম বৰুৱাই যিজনে প্রথমে নবযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্রত্যয় জন্মালে তেওঁ হৈছে আনন্দ ৰাম বৰুৱা। আনন্দ ৰাম বৰুৱাই তেওঁৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল।

Class 12 Assamese Anandaram Baruah পৰা HS Final অহা প্ৰশ্ন উত্তৰসমূহ

প্র: আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা (2020)

উ: আনন্দৰাম বৰুৱাই ল’ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন হ’ল— ‘অমৰকোষ।

প্র: আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে? (2015)

উ: আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল বাবে একান্তভাৱে জ্ঞান চর্চা কৰিছিল। একাগ্ৰতাৰ বলতেই তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল যিয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছিল। একান্তভাৱে জ্ঞান চর্চা কৰাৰ ফলতেই তেওঁ মেধাৰ পৰিচয় দি ভাৰতীয় প্রশাসনিক সেৱাত উত্তীর্ণ হ’ব পাৰিছিল। তেৱেই হৈছে ভাৰতীয় প্রশাসনিক সেৱাত উত্তীর্ণ হােৱা প্ৰথমজন অসমীয়া আৰু পঞ্চমজন ভাৰতীয়।

প্রঃ আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ উল্লেখ কোনখন গ্ৰন্থত কৰিছিল? (2013)

উঃ আনন্দৰাম বৰুৱাই তেওঁৰ ৰচিত মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিয়নৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।

প্রঃ কিহৰ বাবে আনন্দৰাম বৰুৱাই চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? (2016)

উ: আনন্দৰাম বৰুৱা কৰ্মত একনিষ্ঠভাৱে লিপ্ত আছিল। তেওঁৰ জ্ঞান চর্চাৰ অনুৰাগ ইমান প্রবল আছিল যে অন্য কথা বা সাংসাৰিক বিষয়ৰ প্রতি ভাৱিবলৈ সময় নাছিল। সেয়েহে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।

প্রঃ আনন্দৰামৰ মূলমন্ত্র আছিল কর্ম, চমুকৈ আলােচনা কৰা ? (2016) 

উঃ কমই আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল। একান্তভাৱে অবিৰামগতিত কাম কৰি তেওঁ বৰ আনন্দ পাইছিল। প্রকৃত কর্মীয়ে কেতিয়াও কামৰ বাবে প্রশংসা নিবিচৰাৰ দৰে তেৱাে কাম কৰি প্রশংসা বা মান বিচৰা নাছিল। এই টোৱেই প্রকৃত কর্মীৰ চিন। তেওঁৰ কাম আৰু সংকল্প দেখি মেক্স মূলাৰৰ দৰে পণ্ডিতেও বিস্ময় মানিছিল। তেও চাকৰি জীৱনৰ কম বয়সৰ ভিতৰত উচচ খাপৰ গ্ৰন্থ প্রকাশ কৰি সকলােকে আচৰিত কৰিছিল। তেওঁ অন্যান্য পুথি প্ৰকাশ কৰিবলৈ সংকল্প লৈছিল যদিও অকাল মৃত্যুৱে সেই আশা পূৰণ হ’ব নিদিলে। তেওঁৰ কৰ্মৰাজিৰ বাবে সদায় অসমীয়া সমাজত পূজনীয় হৈ থাকিব।

প্রঃ আনন্দৰাম বৰুৱাই কেনেধৰণে নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল? (2017) 

উঃ সংস্কৃত সাগৰ মথি জগতবিখ্যাত পণ্ডিতৰ শাৰীত বহিও আনন্দৰাম বৰুৱাই নিজৰ পিতৃ-মাতৃ, ভাই-ককাই, স্বদেশ আৰু স্ব-জাতিক পাহৰা নাছিল। আনন্দৰাম বৰুৱাই দুর্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভ্ৰাতৃ বুলি নিজৰ পৰিচয় দি সন্তোষ লাভ কৰিছিল।

প্রঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম কি? (2017) 

উঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ নাম হ’ল—কথাগুৰু চৰিত।

প্রঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম লিখা (2017) 

উঃ উপেন্দ্র চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্রন্থ দুখনৰ নাম হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য।

প্রঃ একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল?

উঃ আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। এই একাগ্রতা গুণৰ বাবে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই গুণেই তেওঁক সাহস,

আৰ শক্তি দান কৰিছিল। সেই বাবে আগৰ জ্ঞানীসকলে সকলাে জ্ঞান লাভৰ লগতে একাগ্রতা সাধন কৰিবলৈ কৈছিল। ল’ৰাকালতে ভাওনা আদি উৎসৱত যােগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল সেইদৰে লিখা-পঢ়া বিষয়ত তেওঁ একমন আছিল। সেয়েহে গােটেই অমৰকোষ গ্রন্থখন তেওঁ ল’ৰা কালতে কণ্ঠস্থ কৰিব পাৰিছিল।

প্রঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া কোন? (2019)

উঃ ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া হল- আনন্দৰাম বৰুৱা।

প্রঃ প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা— (ক) কমই জীৱন আঁক কর্মহীনতাই প্রকৃত মৃত্যুপ।  (2019) 

উঃ ব্যাখ্যেয় গদ্যফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ” অন্তর্গত “আনন্দৰাম বৰুৱা” নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

লেখক উপেন্দ্রচন্দ্ৰ লেখাৰদেৱে কৰ্ম সংস্কৃতিয়ে কেনেকৈ মানুহক মহত্ত্বৰ মন্দিৰত উপনীত কৰােৱায়, সেই সন্দৰ্ভত উক্ত কথাষাৰ ব্যক্ত কৰিছে। আনন্দৰাম বৰুৱাই কর্মময় জীৱন অতিবাহিত কৰি আৰু একাগ্ৰতাৰ দ্বাৰা অসাধাৰণ কমী হ’ব পাৰিছিল। অবিৰামগতিত কাম কৰি তেওঁ আনন্দ পাইছিল। একাগ্ৰতাৰে কাম কৰি কামৰ বাবে তেওঁ প্রশংসা বা মান নিবিচাৰিছিল। ইয়ে প্রকৃত কৰ্মীৰ চিন। বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম বয়সৰ ভিতৰত তেওঁ যিমানবিলাক উচ্চ খাপৰ গ্ৰন্থ প্ৰকাশ কৰিছিল দেখিলে আচৰিত মানিব লাগে।

তেওঁ কঠোৰ কৰ্ম শক্তিৰে আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিছিল। তেওঁৰ কাম আৰু সংকল্প দেখি আন নালাগে জগত বিখ্যাত পণ্ডিত মেক্স মূলাৰৰ দৰে লােকেও বিস্ময় মানিছিল। “কর্মহীন হৈ এশবছৰ জীয়াই থকাতকৈ কর্মমুখৰ হৈ অলপদিন জীয়াই থকাটোৱেই শ্রেয়” এই বাণী যে আনন্দৰাম বৰুৱাৰ জীৱনেই দেখুৱাই গ’ল। সেয়েহে কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।

প্র: এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম লিখা। (2020)

উ: এনক আর্ডেনৰ অনুবাদকগৰাকীৰ নাম হ’ল—উপেন্দ্র চন্দ্ৰ লেখাৰু।

প্রঃ “তােমােৰে আনন্দ বৰুৱাই” বুলি কোনটো কবিতাত কোনে শক্তি গাইছে। (2020) 

উঃ “তােমাৰে আনন্দ বৰুৱাই” বুলি পাঠত থকা কবিতাৰ শাৰী দুটা লক্ষ্মীনাথ বেজবৰুৱাই ‘অসম সংগীত’ নামৰ কবিতাটোত প্রশস্তি গাইছে।

প্রঃ প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সম্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নির্ণয় কৰা। (2017)

উঃ যি সময়ত অসমীয়া হােৱাটো জাতি যােৱাৰ ভয় আছিল, সেই সময়ত আনন্দ বৰুৱাই প্রাচ্য পাশ্চাত্যৰ মাজত সংযােগ সেতু গঢ়ি জ্ঞানৰ লােহব বিলাবলৈ সক্ষম হৈছিল। আনন্দৰাম বৰুৱাই ইউৰােপ, আমেৰিকালৈ গৈ জ্ঞান চর্চা কৰিছিল। আনন্দৰামৰ জৰিয়তে পাশ্চাত্য দেশসমূহে প্রাচ্যৰ জ্ঞান লাভ কৰাৰ সুবিধা পাইছিল। চৰ্চা কৰি পশ্চিমৰ দেশসমূহত প্ৰাচ্যৰ ভাষা, সংস্কৃতি, দর্শন বিলাই ফুৰিছিল। আনন্দৰাম বৰুৱাৰ কাৰণেই পাশ্চাত্যৰ লােকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিষয়ে আলােচনা কৰিবলৈ সুবিধা পালে। গতিকে প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান অতি উচ্চ। সেয়েহে কবিয়ে দেশবাসীৰ দৃষ্টি আকর্ষণ কৰি গাইছে ‘তােমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি। য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি।


Class 12 Assamese Anandaram Baruah Question Answer

Class 12 Assamese Anandaram Baruah Question Answer ৰ শেষ বাক্য হিচাপে:

আজি আমি আলোচনা কৰিলোঁ “আনন্দৰাম বৰুৱা” নামৰ দ্বাদশ শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ। ইয়াত আমি Class 12 Assamese Anandaram Baruah Question Answer অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, দীঘল প্ৰশ্ন উত্তৰ, ব্যাখ্যা আৰু HS Final Exam ত কি কি প্ৰশ্ন সুধিছিল তাৰো সমাধান দিবলৈ প্ৰয়াস কৰিছো।

যদি এই লিখনিয়ে আপোনাক কিছু সহায় কৰিছে, তেন্তে আন আন ছাত্ৰ ছাত্ৰীৰ সৈতে ভাগ বতৰা কৰিবলৈ নেপাহৰিব।

This Post Has One Comment

Leave a Reply