আপুনি ASSEB-II ৰ অধীনস্থ Class 12 Assamese Question Answer ৰ Hostibidyarnob Puthi Question Answer বিচাৰি আছে নেকি? যদি হয়, তেন্তে আপুনি বৰ্তমান সঠিক স্থানত আহিছে। আমি Nitid Academy ত Class 12 Assamese Hostibidyarnob Question Answer দিবলৈ প্ৰয়াস কৰিছো।
Class 12 Assamese Hostibidyarnob Puthi Question Answer
ইয়াত আমি Class 12 Assamese Hostibidyarnob Puthi Question Answer ত পাঠ্যক্ৰমৰ অন্তৰ্গত অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ আৰু দীঘল প্ৰশ্ন উত্তৰ লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰও যোগান ধৰাৰ প্ৰয়াস কৰিছো। তেন্তে আহক, আমি আজি Class 12 Assamese Hostibidyarnob Puthi Question Answer সমূহ আলোচনা কৰোঁ।
অতি চমু প্ৰশ্ন উত্তৰ (মূল্যাংক-১)
১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি যোগেন্দ্ৰ নাৰায়ণ ভূঞা সম্পাদিত ‘সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে ।
২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল?
উত্তৰঃ ড° সূৰ্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে প্ৰকাশ পাইছিল ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ।
৩। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?
উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড° সূৰ্যকুমাৰ ভূঞা।
৪। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ’ল “Anglo-Assamese Relations 1771-1826″.
৫। ‘হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।
চমু প্ৰশ্ন উত্তৰ (মূল্যাংক-২/৩)
১। ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ’ পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।
২। পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নাম হ’ল ‘লৱ-কুশৰ যুদ্ধ’ আৰু ‘গীত-গোবিন্দ’।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্ৰকৰে অংকন কৰিছিল।
৪। হস্তিবিদ্যাৰ্ণৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈছে?
উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথিত গ্ৰন্থকাৰ সুকুমাৰ বৰকাথ, চিত্ৰকৰ দুগৰাকী দিলবৰ আৰু দোষায়, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু তেওঁলোকৰ সন্তান ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে ।
৫। হস্তিগ্ৰন্থ বুলিলে কি বুজা?
উত্তৰঃ হস্তিগ্ৰন্থ বুলিলে সাধাৰণতে হাতী বিষয়ক গ্ৰন্থক বুজা যায় । য’ত হাতীৰ বিভিন্ন ৰোগৰ লক্ষণ, হস্তীৰ কৰ্ম, হস্তীৰ শুভশুৱা, হাতীক বন শিকোৱা কৌশল, হাতীৰ চঁক ভঙ্গা, হাতীৰে কাঠ আদি টনাৰ কাম কৰা, হাতীৰ বিভিন্ন ব্যাধিৰ প্ৰতিকাৰ সন্দৰ্ভত বিশদ বৰ্ণনা পোৱা যায় ।
মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম।অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ এই বিষয়ৰ শ্ৰেষ্ঠ পুথি। এই গ্ৰন্থ সমুহ সাঁচিপতীয়া পুথিৰ আকাৰত পোৱা যায়। হস্তি আয়ুৰ্ব্বেদ, গজেন্দ্রচিন্তামণি, মাতঙ্গলীলা আদি হস্তিগ্ৰন্থৰ উদাহৰণ।
দীঘল প্ৰশ্ন উত্তৰ (মূল্যাংক-৪/৫)
১। ব্যবহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যবহাৰিক সাহিত্য পুথিৰ নাম লিখা।
উত্তৰঃ শংকৰোত্তৰ যুগৰ ঐশ্বৰ্যশালী সাহিত্য ৰাজিৰ ভিতৰত ব্যৱহাৰিক সাহিত্যৰ বিশেষ ভূমিকা আছে। প্ৰকৃততে চৰিত সাহিত্য, বুৰঞ্জী সাহিত্যৰ দৰে মধ্যযুগত ৰচিত এই সাহিত্যও এবিধ বিশেষ শ্ৰেণীৰ সাহিত্য। এইবিধ সাহিত্য ব্যৱহাৰিক জ্ঞান-শাস্ত্ৰমূলক। আয়ুর্বেদ শাস্ত্ৰ, নিদান, জ্যোতিষ, অংক-আর্যা, নৃত্য-গীত, গৃহ নির্মাণ আদি বিষয়ৰ গ্ৰন্থৰাজি ব্যৱহাৰিক সাহিত্যৰ অন্তর্গত।
মানুহৰ ব্যহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ, বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদি বিষয়ক পুথিসমূহক সাধাৰণতে ব্যবহাৰিক সাহিত্য বুলি কোৱা হয়। এই সাহিত্য কবিতা, চুটিগল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। বৰ্তমান এই সাঁচিপতীয়া পুথিবোৰ ছপা ৰূপত প্ৰকাশ হৈছে। এই শ্ৰেণীৰ দুখনমান অসমীয়া পুথি হ’ল ‘হস্তিবিদ্যাৰ্ণৱ সাৰ-সংগ্ৰহ’, ‘ঘোঁৰা নিদান’, আৰু ‘চাংৰুং ফুকনৰ বুৰঞ্জী’ ।
২। ড° সূৰ্যকুমাৰ ভূঞাৰ সাহিত্য প্ৰতিভা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ প্ৰখ্যাত ইতিহাসবিদ সর্বাগ্ৰণী ড° সূৰ্যকুমাৰ ভূঞা দেৱৰ জন্ম হয় ১৮৯২ চনত নগাঁও চহৰত। তেওঁ আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ ।
অধ্যয়নশীল ভূঞা দেৱে ছাত্ৰজীৱনৰ পৰাই বিভিন্ন আলোচনী ,কবিতা, চমু জীৱনী, গল্প আদি প্ৰকাশ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত ৰচনা আৰু সম্পাদনা কৰা গ্ৰন্থৰ সংখ্যা একুৰিৰো অধিক। সেইবোৰৰ ভিতৰত ‘গোপাল কৃষ্ণ গোখলে’ (১৯১৬), ‘ৰবীন্দ্ৰ নাথ ঠাকুৰ’ (১৯২০), ‘আনন্দৰাম বৰুৱা’ (১৯২০), ‘জোনাকী’ (১৯২৮), ‘চানেকী’ (১৯২৮), ‘অসম জীয়ৰী’ (১৯৩৫)- এইকেইখন জীৱন চৰিতমূলক গ্ৰন্থ। ‘কোঁৱৰ বিদ্ৰোহ'(১৯৪৮), ‘বুৰঞ্জীৰ বাণী’ (১৯৫১), ‘ৰমণী গাভৰু ‘(১৯৫১) ‘ৰাজেশ্বৰ সিংহ’ (১৯৭৪) ইত্যাদি ঐতিহাসিক পুথি এতিয়ালৈকে প্ৰকাশ হৈছে।
‘নিৰ্মালি’ হৈছে তেখেতৰ একমাত্ৰ কবিতাৰ পুথি। ‘পঞ্চমী’ হৈছে তেখেতৰ পাঁচটা চুটিগল্পৰ সমষ্টি। ইয়াৰ উপৰিও ভালেখিনি গৱেষণামূলক ইংৰাজী গ্ৰন্থ ভূঞাদেৱৰ কাপৰ পৰা ওলাইছে। তাৰ ভিতৰত ‘Anglo Assamese Relations ‘1771-1826, ‘Atan Buragohain & His Times(1955), ‘Lachit Borphukan and His Times’ (1947), ‘An Assamese Nur-Jahan'(1926) আদি উল্লেখয্যোগ্য গ্ৰন্থ। মুঠতে দেখা যায় যে বুৰঞ্জী আৰু জীৱনী গ্ৰন্থ এই দুয়োটা ক্ষেত্ৰতে ভূঞাদেৱৰ দান অনস্বীকাৰ্য । এই মহান লেখকজনৰ মৃত্যু হয় ১৯৬৪ চনত।
৩। হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া ।
উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল। তাৰে ভিতৰত হাতী বিষয়ক পুথিসমূহ অন্যতম অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তিবিদ্যাৰ্ণব সাৰ সংগ্ৰহ এই বিষয়ৰ অন্যতম পুথি। এই পুথিত হাতীক কেন্দ্ৰ কৰি বিষয় বস্তুৰ জুমুঠি বন্ধা হৈছে। যাৱতীয় সংস্কৃত গ্ৰন্থ, অসমত প্ৰচলিত কিছুমান হাতী বিষয়ক পুথি, দাঁতি-কাষৰীয়া জাতিৰ মাজত প্ৰচলিত হাতীৰ ব্যাধিৰ প্ৰতিকাৰ-এই সকলোবোৰ হস্তিজ্ঞান একত্ৰীকৰণ কৰি কাহিনীৰ বিষয়বস্তু ৰক্ষিত কৰিছে ।
আহোম স্বৰ্গদেউ শিৱ সিংহ আৰু ৰাণী ফুলেশ্বৰী কুঁৱৰীৰ অনুৰোধত সুকুমাৰ বৰকাথে হস্তিবিদ্যাৰ্ণৱ ৰচনা কৰিছিল। ৰাজ অনুগ্ৰহত ৰচনা কৰা বাবে ইয়াৰ বিষয়বস্তু মূলতঃ ৰাজ্যৰ স্থিতিৰ দৃষ্টিভংগীৰে লিখা হৈছিল। ৰাজ্যৰ বাবে কোনবোৰ হাতী উপযুক্ত, কেনেকৈ হাতীক সম্ভ্ৰান্ত লোকৰ বাবে আৰু যুদ্ধ বিগ্ৰহৰ বাবে প্ৰশিক্ষিত কৰিব পাৰি ইত্যাদি ইয়াৰ মূল বিষয়।
ভাল হাতী, বেয়া হাতীৰ লক্ষণ বৰ্ণনা কৰাৰ লগতে অন্য ৰজাৰ লগত অপ্ৰীতিবৰ্দ্ধক হাতিৰ লক্ষণ ইয়াত বৰ্ণনা কৰা হৈছে। হাতীশাল নিৰ্মাণৰ নিয়মো বৰ্ণনা কৰিছে। হাতীশালত কি কাঠ নিৰ্ব্বদ্ধ কৰা হব, হাতীবন্ধা খুটাৰ মান কিমান উচ্চতাৰ হ’ব, বতাহ-ৰʼদ সোমাব পৰাৰ কেনে ব্যৱস্থাৰ কৰিব লাগিব সকলো কথা কোৱা হৈছে। তদুপৰি হাতীক শুভকাৰ্যৰ প্ৰতীক বুলিও গণ্য কৰা হয় ।
আগৰ দিনত হাতিক যাত্ৰাকালত আৰু উভতি অহাৰ কালত দেখা বা ব্যৱহাৰ কৰাটো শুভ বুলি গন্য কৰা হয় । হাতীক যুদ্ধ কালত ব্যহাৰ কৰা, উপঢৌকন হিচাপে প্ৰেৰণ কৰা, ৰজাৰ গড়ৰ বাহিৰ ৰাখি ৰজাৰ প্ৰতিপত্তি প্ৰদৰ্শন কৰা এই সকলো কথা লিখা আছে । তদুপৰি সোণ ৰূপৰ দৰে হাতীদাঁতৰ মূল্যও আছিল যথেষ্ট ।
কামন্দকীয় নীতিসাৰত উল্লেখ থকা মতে হস্তীক কৰ্মত প্ৰয়োগ কৰাৰ নিয়মো নিধান আছিল। যুদ্ধক্ষেত্ৰত কেনে হাতী প্ৰয়োগ কৰিব, কোন হাতীত উঠিলে ৰজাৰ মঙ্গল আৰু সমৃদ্ধি হব, কোন হাতীত উঠিলে বেয়া তাৰো নিয়ম ব্যাখ্যা কৰা আছে। ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথাও কোৱা হৈছে। স্বৰ্গদেৱৰ ঘাই হাতীক শিকোৱাৰ নিৱন্ধও যুগুত কৰা আছে । ময়দাৰ, মেদ বৃদ্ধি, মন পুষ্টি, মনচোকা এই সকলো বিলাকৰ বুজ লোৱা হৈছিল। হাতী কেনেদৰে অধিক বলৱন্ত হ’ব, হাতীক কেনেদৰে মন্ত্ৰৰে বশ কৰিব পাৰি তাৰ বিধান হস্তিপুথিত উল্লেখ আছে।
এনেদৰে বিশ্লেষন কৰিলে দেখা যায় হাতীক কেন্দ্ৰ কৰি পুৰণিকালত ৰজা মহাৰজা সকলে বিবিধ মাধ্যম প্ৰয়োগ কৰিছিল।যিবোৰ হস্তিবিদ্যাৰ্ণৱ পুথিৰ বিষয়বস্তু হিচাপে ৰক্ষিত হৈছিল।
৪। ‘মংগলদায়ক হাতী’ৰ লক্ষণ সম্পৰ্কে হস্তিবিদ্যাৰ্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ ‘হস্তীবিদ্যার্ণৱ পুথিখন’ হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়।
হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি।
পুথিখনত মঙ্গলদায়ক হাতীৰ বৰ্ণনা কৰি কৈছে যে হাতীৰ শৰীৰৰ বৰণ হʼব লাগে শ্যামবৰ্ণ, দেখাত সুন্দৰ হʼব লাগে। হাতী প্ৰকাণ্ড প্ৰাণী যদিও শৰীৰ হʼব লাগে স্থূল। দুয়োটা দাঁত সমান দীঘল হোৱা উচিত। সমানে ৰঙ্গ কৰা হʼব লাগে। কামৰ সময়ত আগলৈ চাপি যোৱা হাতীৰ লক্ষণ ভাল। কালশিলি বৰ্ণৰ হʼব লাগে। হাতীৰ নখ আগছোৱা জোঙা, অলপ কʼলা অৰ্থাত পাতল কলা বৰণৰ হোৱা উচিত। বলৱন্ত হাতীৰ মূল্য অধিক।
তেনে হাতীয়ে ৰজাক গড়ৰ ভিতৰ-বাহিৰ সকলোতে ভাল কাম দেখুৱায়। তেনে লক্ষণৰ হাতীক উত্তম আহাৰ দি সোনকালে বশ কৰিব পৰা যায়।এনেদৰে পুৰণি কালত ভাল হাতী বা উন্নত গুণসম্পন্ন হাতীক মঙ্গলদায়ক হাতী বুলি কোৱা হৈছিল আৰু এনে হাতীক ৰজা-মহাৰজা সকলে গুৰুত্ব সহকাৰে ভাল বিষয়া নিযুক্তিৰে পোহপাল দিছিল।
৫। হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰঃ সুকুমাৰ বৰকাথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰ এক অমূল্য সম্পদ স্বৰূপ হস্তীবিদ্যার্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী উচ্চ গুণ সম্পন্ন। এই গ্ৰন্থৰ পুথিৰ ভাষা গদ্য। প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী।
উদাহৰণস্বৰূপে- “ইন্দ্ৰ বংশ সৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা, আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰী যুক্ত শ্ৰীমন্ত শিৱসিংহ যি মহাৰাজা, আপোনাৰ স্বন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগনৰ গৰ্ববক চুৰ কৰিছে যি মহাদেৱীয়ে, সেই কাৰণে অতিশয় বিৰাজমান হৈছে যি শ্ৰী শ্ৰী অম্বিকানাম মহাদেৱী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল”।
ইয়াৰ উপৰিও দেখা যায় মূলত সংস্কৃত পুথিক অনুকৰণ কৰা হেতুকে ভাষা সংস্কৃতগন্ধী আনহাতে দাঁতি কাষৰীয়া অঞ্চল সমূহৰ পৰা আহৰণ কৰা পুথিৰ জ্ঞানে সৰল অসমীয়া ভাষাৰ নিদৰ্শন দাঙি ধৰিছে। উদাহৰণ স্বৰূপে-“পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তে মূৰ দাঙ্গি যাব”।
এনেদৰে বিশ্লেষন কৰি চালে দেখা যায় যে হস্তিবিদ্যাৰ্ণৱ পুথিৰ ভাষা এফালে সংস্কৃতগন্ধী আৰু গভীৰ, যদিও আনহাতে সহজ সৰল।অসমীয়া মানুহে বুজিব পৰাকৈ বাক্যৰ গাঁথনি তেনেই সৰল। মুঠতে হস্তিবিদ্যাৰ্ণৱ পুথিৰ গদ্যই পুথিখনৰ মৰ্যাদা বহুগুণে বৃদ্ধি কৰিছে ।

Pingback: Class 12 Assamese Question Answer | PDF Notes