WhatsApp Group Join Now

আপুনি Assam Higher Secondary Final Exam দিবলৈ প্ৰস্তুতি চলাই আছে নেকি তেন্তে Class 12 Assamese Mulyabodh Shiksha Question Answer য়ে আপোনাক ভাল নম্বৰ প্ৰাপ্ত কৰিবলৈ সহায় কৰিব।

আজি আমি আপোনালোকৰ বাবে Nitid Academy নামৰ অসমীয়া শিক্ষামূলক ৱেবছাইটত আজি  Class 12 Assamese Mulyabodh Shiksha Question Answer লৈ আহিছোঁ। 

Class 12 Assamese Mulyabodh Shiksha Question Answer

মূল্যবোধৰ শিক্ষা নামৰ অধ্যায়ৰ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, কিছু বহল প্ৰশ্ন উত্তৰ লগতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ লগতে কিছু প্ৰশ্ন উত্তৰ আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ যিয়ে আপোনাক আগন্তুক HS Final Exam ত সহায় কৰিব। তেন্তে আহক কোনো সময় নষ্ট নকৰাকৈ আজি আমি Class 12 Assamese Mulyabodh Shiksha Question Answer আলোচনা কৰোঁ।

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ১)

১. ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?
উত্তৰঃ ভাৰতীয় প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবােধ । 

২. প্রথম অৱস্থাত  ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ? 
উত্তৰঃ অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল । 

৩. নৈতিক শব্দটো ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (Moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে? 
উত্তৰঃ লেটিন ভাষাৰ ম’ৰীজ শব্দৰ পৰা । 

৪. মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ কি ? 
উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবােধ বস্তুনিষ্ঠ নহয় , ব্যক্তিনিষ্ঠহে । 

৫. ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূলবােধ চিনাক্ত কৰিছে ? 
উত্তৰঃ ৮৪ বিধ মূল্যবােধ চিনাক্ত কৰিছে । 

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক – ২/৩)

১. আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবােধ কেইটা আৰু কি কি ? অথবা , মূল্যবােধৰ ত্রিনীতি ’ কি ? 
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ , যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে । 

২. ভাৰতীয় দর্শনে মূল্যবােধক কেষ্টা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি ? 
উত্তৰঃ ভাৰতীয় দর্শন হৈছে মূল্যবােধৰ দর্শন । সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়ােজনীয়তাৰ পৰাই ইয়াৰ সৃষ্টি হৈছে । ভাৰতীয় দর্শনে মূল্যবােধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে । সেই চাৰিটা হল — 

১) ধর্ম । 
২) অর্থ । 
৩) কাম ।
৪) মােক্ষ । 

৩. প্রকৃততে মূল্যবােধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ? 
উত্তৰঃ প্রকৃততে মূল্যবােধ সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । কাৰণ মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধক বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি কব নােৱাৰি ; কিন্তু প্রয়ােজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে , তেনে কার্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজে অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ যিবােৰ মানুহে শিক্ষণৰ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । 

মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ । সমাজত প্রচলিত ধর্মীয় বিশ্বাস , জীৱন – দর্শন , নৈতিক আদর্শ , ৰাজনৈতিক আদর্শ , আচাৰ – ব্যৱহাৰ , দৈনন্দিন জীৱনৰ কার্যাৱলী এই সকলােবােৰ মূল্যবােধে সামৰি লয় । সমাজৰ পৰিৱেশ আৰু প্রয়ােজনীয়তা সাপেক্ষে মূল্যবােধৰাে পৰিৱর্তন হয় । সমাজত পৰিৱৰ্তনৰ লগে লগে নতুন মূল্যবােধৰ সৃষ্টি হয় । 

৪. সহজ অর্থত মূল্যবোধ মানে কি ? 
উত্তৰঃ প্রকৃততে মূল্যবােধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয় । সেয়ে সহজ অর্থত মূল্যবােধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ— যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে ৷ 

৫. মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ? 
উত্তৰঃ মনােবিজ্ঞানী সকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই যি চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে , সেই চাৰিটা তলত উল্লেখ কৰা হ’ল- 

ক) যুক্তিনিষ্ঠতা :- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ। 
খ) পৰােপকাৰিতা :- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন সাপেক্ষে সহায় কৰা । 
গ) দায়িত্ববােধ :- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা । 
ঘ) নৈতিক স্বতন্ত্রতা :- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনেধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা । 

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১. আদর্শবাদী দার্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবােধ মানে কি ? 
উত্তৰঃ ভাৰতীয় সমাজ – সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ । আধ্যাত্মিক মূল্যবােধৰ লগত ধর্মীয় মূল্যবােধৰ সম্পর্ক আছে । আদর্শবাদী দার্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবােধৰ ওপৰত প্রতিষ্ঠিত । আধ্যাত্মিক মূল্যবােধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে । মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে । আধ্যাত্মিক মূল্যবােধৰ অভাৱৰ বাবেই আজিৰ সমাজখন হৈ পৰিছে বিশৃংখল , দুর্নীতিপৰায়ণ আৰু অনৈতিক । আধ্যাত্মিক মূল্যবােধ বিকাশ হ’ব , যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব , সহযােগিতা, সহমর্মিতা , অহিংসা ভাব , ভক্তি , সংযম , উদাৰতা আদি বৃদ্ধি হ’ব । মহাপুৰুষ শংকৰদেৱে কোৱাৰ দৰে “ কুকুৰ শৃগাল গর্দভৰাে আত্মাৰাম , জানিয়া সবাকো পৰি কৰিবা প্রণাম । ” 

২. নন্দন তাত্ত্বিক মূল্যবােধে কি কি বিষয় সামৰি লয় চমুকৈ আলােচনা কৰা । 
উত্তৰঃ নন্দনতাত্ত্বিক মূলবােধক আন কথাত সৌন্দর্যবােধ বুলি ক’ব পাৰি । কিছুমান পণ্ডিতে মত প্রকাশ কৰে যেনন্দনতাত্ত্বিক মূল্যবােধ কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্ৰতহে প্রযােজ্য , অপার্থিব বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়ােগ কৰিব নােৱাৰি । কিন্তু মানুহে সকলাে ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে । সেই বাবে এইবােৰৰ নান্দনিক মূল্যবােধ বিচাৰি পােৱা যায় । মানৱ জীৱনৰ তিনিটা মূল মূল্যবােধ হৈছে — 

ক) সত্য ।  
খ) শিৱ ।
গ) সুন্দৰ । 

এই সুন্দৰৰ মূল্যবােধেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধ । নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তােলে । জীৱন্ত বা জড় সকলাে বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে । মানুহৰ সকলাে কার্য একেটা চকুৰে চালেও মনােযােগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ । পর্যায়ত মূল্যায়ন কৰা হয় । গতিকে , মনােযােগেই হৈছেনন্দনতাত্ত্বিক মূল্যবােধৰ চাবি কাঠী । 

৩. চিৰন্তন মূল্যবােধ সম্পর্কে চমুকৈ বুজাই লিখা । 
উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম – শিৱম – সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবােধ ; যাৰ কোনাে পৰিৱৰ্তন নাই । এই মূল্যবােধসমূহ সমাজতে আছে । মানুহৰ দায়িত্ব হ’ল কেৱল এইবােৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা । চিৰন্তন মূল্যবােধৰ কোনাে পৰিৱৰ্তন নাই । আদর্শবাদী বা প্রকৃতিবাদী দার্শনিকসকলে মূল্যবােধৰ ক্ষেত্ৰত বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে । তেওঁলােকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবােধ নিৰূপণ কৰে ।

৪. নৈতিক মূল্যবােধৰ ধাৰণাই কি কি কথা সামৰি লয় আলােচনা কৰা । 
উত্তৰঃ যিহেতু নৈতিকতাৰ লগত সামাজিক নীতি – নিয়ম আৰু আদর্শ জড়িত হৈ থাকে , সেয়ে নৈতিকতাই সমাজৰ ৰীতি – নীতি মানি চলাটোকে বুজায় । সমাজৰ গ্রহণযােগ্য নীতি নিয়ম , আচাৰ – ব্যৱহাৰৰ বিপৰীতে চলাটোক অনৈতিক আচৰণ বুলি কয় । নৈতিক মূল্যবােধে মানুহক প্রভাৱিত কৰে আৰু সামাজিক , অর্থনৈতিক , সাংস্কৃতিক , ৰাজনৈতিক , প্রশাসনিক আদি সকলাে ক্ষেত্রতে ইয়াৰ প্রতিফলন হয় । গতিকে – শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্রচলিত আচৰণবােৰ আয়ত্ত কৰিবলৈ শিকোৱা । মনােবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে-

যুক্তিনিষ্ঠতা:- শিশুৱে সন্মুখীন হােৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাৱে বিচাৰ – বিশ্লেষণ কৰা । 
পােপকাৰিতা:- অন্য মানুহৰ সুখ – দুখৰ প্রতি সহানুভূতিশীল হােৱা আৰু প্রয়ােজন , সাপেক্ষে সহায় কৰা । 
দায়িত্ববােধ:- সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হােৱা আৰু নিজে কৰা কামৰ ভুল – ত্রুটিসমূহ স্বীকাৰ কৰি লােৱা । 
নৈতিক স্বতন্ত্রতা:- নিজস্বভাৱে কোনাে এক নৈতিক সিদ্ধান্ত লােৱাৰ ক্ষমতা । আনৰ লগত আলােচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লােৱাৰ মানসিকতা । 

৫. মূল্যবােধ সম্পর্কে তােমাৰ কি ধাৰণা তাক চমুকৈ ব্যাক্ত কৰা । 
উত্তৰঃ মূল্যবােধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাৱে জড়িত হৈ আছে যে ইয়াৰ সম্পর্কে ধাৰণা বা ব্যাখ্যা আগবঢ়োৱাটো খুবেই কঠিন কাম । প্রথম অৱস্থাত ‘ মূল্য ’ শব্দটো কেৱল অর্থনৈতিক উদ্দেশ্যেতহে ব্যৱহাৰ কৰা হৈছিল । বহল অর্থত চাবলৈ গ’লে , মূল হৈছে কোনাে বস্তু বা অৱস্থা কার্য , যিয়ে ব্যক্তিৰ প্ৰয়ােজন বা ইচ্ছা পূৰণ কৰে ।

গতিকে মূল্যই সেইবােৰ বস্তুকে বুজাই , যিবােৰ ব্যক্তিয়ে বিচাৰে । আকৌ মানুহে বহুতাে বস্তুকে বিচাৰে , যেনে টকা – পইচা , সম্পত্তি , খাদ্য , নিৰাপত্তা , সুখ – শান্তি ইত্যাদি । এই সকলাে ব্যক্তিৰ কাৰণে মূল্যৱান । আনহাতে মানুহে বহুতাে বস্তু নিবিচাৰে বা আশা নকৰে , যেনে , ফুধা , অজ্ঞতা , বেমাৰ – আজাৰ , অশান্তি আদি । এইবােৰ সেইবাবে মূল্যহীন । গতিকে এনে অর্থত মূল্যবােধৰ কোনাে ভাল – বেয়া , উচ্চ – নীচৰ প্রশ্ন জড়িত নাথাকে। 

মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্রয়ােজন পূৰণৰ ধাৰণাৰে মূল্যবােধ বিচাৰ কৰিব নােৱাৰি । ব্যক্তিৰ প্রয়ােজন পূৰণে যদি আন ব্যক্তি বা সমাজৰ অনিষ্ট সাধন কৰে , তেনেহ’লে সেই কাৰ্যৰ কোনাে ধৰণৰ মূল্য আছে বুলি ক’ব নােৱাৰি । সহজ অথত মূল্যবােধৰ ধাৰণা এয়ে যে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্রণ কৰাৰ বাবে কিছুমান নীতি আৰু আদর্শ — যিবােৰ মানুহে শিক্ষণ আৰু সামাজিকীকৰণৰ যােগেদি আয়ত্ত কৰে । সেয়ে মূল্যবােধ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশনা নীতি , যিবােৰ মানুহৰ দৈহিক , মানসিক , উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ।


Class 12 Assamese Mulyabodh Shiksha Question Answer

This Post Has One Comment

Leave a Reply