আপুনি যদি Class 12 Assamese Mogoniar Kotha Question Answer “মগনিয়াৰ কথা” সম্পূৰ্ণ প্ৰশ্ন উত্তৰ বিচাৰি Nitid Academy লৈ আহিছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনাৰ বাবে Class 12 Assamese Mogoniar Kotha Question Answer প্ৰস্তুত কৰিছো যিয়ে আপোনাক HS Final Exam ত ১০০% নম্বৰ পাবলৈ সক্ষম হব।
আপুনি বিচাৰিলে তলত দিয়া লিংকৰ জৰিয়তে Class 12 Assamese Mogoniar Kotha Question Answer PDF Notes ডাউনলোড কৰিব পাৰে।
মগনিয়াৰ কথা- Class 12 Assamese Mogoniar Kotha Question Answer
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক – ১)
1. অসমীয়া সাহিত্যত প্ৰথম কথা-কবিতা ৰচনা কৰা কবিগৰাকী কোন?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা।
2. যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা কথা-কবিতা পুথিখনৰ নাম হ’ল— “কথা-কবিতা”।
3. কবি যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল বা দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল ?
উত্তৰঃ 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়।
4. যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ কোন গৰাকী ফাৰ্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ ?
অথবাঃ ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাবানুবাদ ?
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী চুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়তৰ ভাবানুবাদ’।
5. ‘ওমৰ তীৰ্থ’ কাব্য পুথিৰ মূল কি?
উত্তৰঃ ওমৰতীৰ্থ কাব্য পুথিৰ মূল হ’ল— ওমৰ খায়ামৰ ৰুবায়ত।
6. যতীন্দ্ৰ নাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল ?
অথবাঃ অসম সাহিত্য সভাৰ সভাপতিৰ পদ দুৱৰাদেৱে কিমান চনত আৰু কোন অধিবেশনত অলংকৃত কৰিছিল ?
উত্তৰঃ 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত যতীন্দ্ৰ নাথ দুৱৰাই সভাপতিত্ব কৰিছিল বা অলংকৃত কৰিছিল।
7. মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ মগনিয়াৰ পাঠটি যতীন্দ্ৰ নাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ কথা কবিতাৰ পুথিখনৰ পৰা সংগ্ৰহ কৰা হৈছে।
8. ৰুছ সাহিত্যিক ‘টুৰ্গেনিভ’ৰ কোনটো কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ৰ সাদৃশ্য আছে ?
অথবাঃ কোনটো ৰুছ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য দেখা যায় ?
উত্তৰঃ ‘The Beggar’ নামৰ ৰুছ কথা-কবিতাটোৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য আছে/দেখা যায়।
9. যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰা কবিতাপুথিখনৰ নাম ‘বনফুল’।
10. ‘কথা কবিতা’ ৰচনা কৰোঁতে কোনগৰাকী আফ্ৰিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল ?
উত্তৰঃ ‘কথা কবিতা’ ৰচনা কৰোঁতে আফ্ৰিকাৰ লেখিকা অলিভ শ্ৰাইনাৰৰ দ্বাৰা যতীন্দ্ৰনাথ দুৱৰা অনুপ্ৰাণিত হৈছিল।
11. টুৰ্গেনিভ আৰু অলিভ শ্ৰাইনাৰ ক’ৰ সাহিত্যিক ?
উত্তৰঃ টুৰ্গেনিভ ৰুছ দেশৰ আৰু অলিভ শ্ৰাইনাৰ আফ্ৰিকাৰ সাহিত্যিক।
12. যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি কোৱা হয়।
13. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া যতীন্দ্ৰনাথ দুৱৰা।
14. অসমীয়া কথা-কবিতাৰ প্ৰথম পুথিখনৰ নাম কি?
উত্তৰঃ অসমীয়া কথা-কবিতাৰ প্ৰথম পুথিখনৰ নাম কথা-কবিতাৰ পুথি।
15. যতীন্দ্ৰনাথ দুৱৰাই ‘বনফুল’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল।
যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ লাভ কৰিছিল ?
16. কাৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে?
টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু অলিভ শ্ৰাইনাৰৰ ৰচনাৰ আলমত দুৱৰাই ‘কথা কবিতা’ ৰচনা কৰিছে।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
1. যতীন্দ্ৰ নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম লিখা।
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই লিখা দুখন কবিতাপুথিৰ নাম হ’ল—
(ক) বনফুল।
(খ) ওমৰ তীৰ্থ ৷
2. মগনিয়াৰ জনৰ শৰীৰৰ চমু বৰ্ণনা দিয়া।
উত্তৰঃ মগনিয়াজন এজন বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা লোক। তেওঁৰ ওঁঠ শেঁতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হাতদুখন উখহা আৰু অপৰিষ্কাৰ। লগতে, তেওঁৰ শৰীৰ অতিকৈ দুৰ্বল বুলি কবিয়ে উল্লেখ কৰিছে।
3. কথা-কবিতা প্ৰথমতে কোন শতিকাত সৃষ্টি হৈছিল? কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয়?
উত্তৰঃ কথা-কবিতা প্ৰথমতে ঊনৈশ শতিকাত সৃষ্টি হৈছিল ৷ ৰুছ সাহিত্যিক আইভান টুৰ্গেনিভক ইয়াৰ জনক বুলি কোৱা হয়।
4. সাহিত্য অকাদেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক আৰু তেওঁৰ পুৰস্কৃত গ্ৰন্থখনৰ নাম লিখা।
উত্তৰঃ সাহিত্য অকাদেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হ’ল— যতীন্দ্ৰ নাথ দুৱৰা আৰু তেওঁৰ পুৰস্কৃত গ্ৰন্থখনৰ নাম হ’ল— বনফুল (কবিতাপুথি)।
5. কবি যতীন্দ্ৰ নাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবিৰ নাম লিখা।
উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱৰা প্ৰভাৱিত হোৱা দুগৰাকী বিদেশী কবি হ’ল—
১। ওমৰ খায়াম (ফাৰ্চী ছুফী কবি)।
২। আইভান টুৰ্গেনিভ (ৰুছ সাহিত্যিক)।
6. ওমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।
উত্তৰঃ ওমৰ খায়াম এগৰাকী ফাৰ্চী ছুফী কবি আছিল। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম ‘ৰুবায়ত’।
7. যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্ৰন্থৰ নাম লিখা।
উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ দ্বাৰা ৰচিত তিনিখন কাব্যগ্ৰন্থৰ নাম- ‘বনফুল’, ‘ওমৰ তীৰ্থ’ আৰু ‘আপোন সুৰ।
8. কথা কবিতা বুলিলে কি বুজা? কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য লিখা।
উত্তৰঃ কথা কবিতা এক প্ৰকাৰৰ কবিতাই। ইয়াত ভাব প্ৰকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয়। কথাকবিতা পদ্যময় ৰচনা। কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি।
কথা কবিতাৰ পাঁচটা বৈশিষ্ট্য—
১। কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক।
২। কথা কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত।
৩। ভাবেই ইয়াৰ প্ৰধান বস্তু। ইয়াত মাত্ৰ এটিহে কেন্দ্ৰস্থ ভাব থাকে।
৪। কথা-কবিতাত ধ্বনি ভাষাৰ ব্যঞ্জনা মাথোন।
৫। কথা-কবিতাৰ লক্ষ্য হৈছে ৰূপ বা দৃশ্য বস্তুত সজীৱতা আৰোপ কৰা।
9. কবিতা আৰু কথা-কবিতাৰ মাজত কি কি পাৰ্থক্য আছে ?
উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত থকা উল্লেখযোগ্য পাৰ্থক্যসমূহ হ’ল—
(ক) কবিতাত কাব্যিকতা বেছি, কথা কবিতা গদ্যৰ ওচৰ চপা। যদিও বৰ্তমান স্পন্দিতা গদ্য ছন্দৰ প্ৰয়োগ কৰিছে তথাপি কথা কবিতা কবিতাতকৈ এই ক্ষেত্ৰত পৃথক।
(খ) কবিতাৰ তুলনাত কথাকবিতা কাহিনীধৰ্মী।
(গ) কবিতা ব্যঞ্জনাধৰ্মী, কথা কবিতা কবিত্বময়ী গদ্য লিখাৰ এক ভঙ্গী বুলিব পাৰি।
(ঘ) কবিতাৰ তুলনাত কথা কবিতাত সম্পূৰ্ণ এক ছবি ফুটি উঠা দেখা যায়।
(গ) দীঘল প্রশ্ন (প্ৰতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)
1. “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।”- কোনে, কি প্ৰসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা
অথবাঃ কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই নিজৰ চোলাৰ মোনাত হাত সুমুৱাই একোকে নোপোৱাত মগনিয়াৰজনক উদ্দেশ্যি প্ৰশ্নোদ্ধৃত কথাখিনি কৈছিল। এদিন কবি দুৱৰাই বাটেদি গৈ আছিল। হঠাতে তেওঁৰ সন্মুখত বেমাৰী বুঢ়া হাড়-ছাল ওলোৱা মগনিয়াৰ আহি থিয় দিলেহি। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ, চকুত দৰিদ্ৰতাৰ জলন্ত শোক লগা দৃশ্য দেখা যায়।
মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি সহায় বিচাৰিলে। কবি দুৱৰাই চোলাৰ মোনাত হাত সুমুৱাই একোকে নেপালে। টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল। মগনিয়াৰজনৰ কঁপা হাত দুখনত সাৱতি ধৰি কবিয়ে প্ৰশ্নোদ্ধৃত কথাখিনি কৈছিল।
2. ‘কি হ’ল একো কথা নাই – ইয়াৰ কাৰণে অশেষ “ধন্যবাদ – ইও যে এটা দান” – কথাষাৰ কোনে কি প্ৰসংগত কৈছিল ? কথাষাৰৰ তাৎপৰ্য বুজাই লিখা।
অথবাঃ মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে ?
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে।
মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে প্ৰশ্নোদ্ধৃত কথাখিনি কৈছিল আৰু অশেষ ধন্যবাদ জনালে। লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান বুলিলে।
3. মগনিয়াৰশীৰ্ষক কথা-কবিতাটিৰ মূলভাৱ লিখা।
অথবাঃ মগনিয়াৰ শীৰ্ষক কথা-কবিতাটিৰ সাৰাংশ লিখা।
অথবাঃ ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।’ – মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকৈ বুজাই লিখা।
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে।
মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান (ধন্যবাদ) বুলিলে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটিৰ/বাক্যটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।
4. প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা—
ময়ো বুজিলে যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ।
উত্তৰঃ উক্ত কথা-কবিতা ফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত যতীন্দ্ৰ নাথ দুৱৰাদেৱৰ দ্বাৰা ৰচিত ‘মগনিয়াৰ’ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
এই কথা-কবিতা ফাকিৰ মাধ্যমেৰে কবিজনাই এজন লগৰীয়া অৰ্থাৎ সেই মগনীয়া জনৰ পৰা এটা দান অৰ্থাৎ ধন্যবাদ পোৱাৰ কথা ব্যক্ত কৰিছে।
কবি যতীন্দ্ৰনাথ দুৱৰাই এদিন বাটেৰে গৈ আছিল। তেনেতে এটা বুঢ়া বেমাৰী হাড়-ছাল ওলোৱা মগনিয়াৰ আহি কবি দুৱৰাৰ সন্মুখত থিয় হৈছে। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰে দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে তাৰ উখহা অপৰিস্কাৰ হাত এখন মেলি কবিক সহায় খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নাপালে। টকা, ঘড়ী আনকি এখন ৰুমালো কবিৰ লগত নাছিল। মগনিয়াৰজনৰ দুৰ্বল কঁপি থকা শৰীৰ দেখি লৰালৰি কৈ ওচৰলৈ গৈ কবিয়ে হাত দুখনক সাৱতি ধৰি একোৱেই লগত নথকাৰ কথা কৈ খং নকৰিবলৈ কলে।
মগনিয়াৰজনে শেতা ওঁঠ দুখনৰে হাঁহি হাতত ধৰি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে অশেষ ধন্যবাদ জনালে। লগতে, মগনিয়াৰজনে তেনে মানৱীয়তা আৰু সহানুভূতিক এক প্ৰকাৰ দান (ধন্যবাদ) বুলিলে। কবি দুৱৰাই শেষত তেওঁৰ এজন লগৰীয়াৰ পৰা দান পোৱা বুলি কৈ ৰূপকাত্মক অৰ্থ প্ৰকাশ কৰিছে। পাঠটিৰ/বাক্যটিৰ মুখ্য কেন্দ্ৰস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।
5. ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?
উত্তৰঃ মগনিয়াৰ পাঠটিত কথা-কবিতাৰ প্ৰায়বোৰ লক্ষণেই বিৰাজ কৰা দেখা যায়।
(ক) মগনিয়াৰ পাঠটিত উল্লেখিত ভাব কবিত্বময়ী কথা লিখাৰ এক ভংগী বুলি কব পাৰি।
(খ) কথা-কবিতাটিত ৰূপকৰ সমাৱেশ দেখা যায়। কবি দুৱৰাই মগনিয়াৰজনৰ পৰা পোৱা দানক ৰূপকাত্মক অৰ্থ প্ৰকাশ কৰিছে।
(গ) মগনিয়াৰ কবিতাটি চিত্ৰধৰ্মী, এটা সম্পূৰ্ণ ছবি কথা-কবিতাৰ মাজত বিৰাজমান।
(ঘ) ‘মগনিয়াৰ’ কথা কবিতাটিৰ মাজত এটা সম্পূৰ্ণ ভাব ফুটি উঠিছে। মগনিয়াৰ আৰু কবিৰ মাজৰ যি আন্তৰিকতা তাক এক কেন্দ্ৰস্থ ভাৱত ফুটি উঠিছে।
6. কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ কবি যতীন্দ্ৰনাথ দুৱৰাই ঘাইকৈ কথা কবিতাৰ জনক। ছাত্ৰাৱস্থাৰ পৰাই তেওঁ কবিতা ৰচনা কৰিছিল। তেওঁ ৰচিত কাব্যপুথিসমূহ হ’ল— ওমৰ তীৰ্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ তেওঁৰ একমাত্ৰ কথাকবিতাৰ পুথি ফাৰ্চী ছুফী কবি ওমৰ খায়ামৰ ৰুবায়তৰ প্ৰথম অসমীয়ালৈ ভাবানুবাদ কৰি দুৱৰাই ‘ওমৰ তীৰ্থ’ পুথিখন ৰচনা কৰে।
‘বনফুল’ কবিতাপুথিৰ বাবে দুৱৰাই সাহিত্য অকাদেমি বঁটা লাভ কৰে। এই বঁটা লাভ কৰা তেৱেই প্ৰথম অসমীয়া। 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চতুৰ্বিংশ অধিবেশনত দুৱৰাই সভাপতিত্ব কৰিছিল।
7. মগনিয়াৰ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাবটি তোমাৰ ভাষাত লিখা।
উত্তৰঃ ‘মগনিয়াৰ দুৱৰাৰ ‘কথা কবিতা’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে। পাঠটিৰ মূলভাৱ তলত দিয়া হ’ল—
কবি যতীন্দ্ৰনাথ দুৱৰা এদিন বাটেদি গৈ থাকোতে হাড়-ছাল ওলোৱা এজন মগনিয়াৰৰ সৈতে দেখা হ’ল। মগনিয়াৰজনৰ ওঁঠ শেতা, চকু দুটা ৰঙা, পিন্ধনৰ ফটা কাপোৰ দৰিদ্ৰতাৰ শোকদায়ক ছবি দাঙি ধৰিছে। মগনিয়াৰজনে উখহা অপৰিস্কাৰ হাত মেলি কবিক সহায় বিচাৰিলে। কবিয়ে মোনাত হাত সুমুৱাই একোকে নেপালে। কবিয়ে নিজৰ লগত টকা, ঘড়ী, ৰুমাল একোৱেই অনা নাছিল। দুখজনক সেই দৃশ্য কবিৰ সহ্য নহ’ল সমস্ত আন্তৰিকতা উজাৰি দি কবিয়ে মগনিয়াৰৰ দুখত সাৱতি ধৰিলে আৰু তেওঁৰ ওচৰত দিবলৈ যে একোৱেই নাই তাকে কৈ দুখ প্ৰকাশ কৰিলে।
পিছে মগনিয়াৰজনে যেন নভবা কিবা এক আন্তৰিকতাৰে কবিৰ দুচকুত লাভ কৰিলে। এয়াই মগনিয়াৰজনৰ বাবে এক বিশেষ দান। শেতা ওঁঠ দুটিৰে মগনিয়াৰজনে এই দানৰ বাবে কবিক অন্তৰেৰে ধন্যবাদ জনালে। লগতে, মগনিয়াৰজনৰ প্ৰতি কবিয়ে প্ৰকাশ কৰা সহানুভূতিক একপ্ৰকাৰ দান বুলিলে।
কবিতাটোৰ কেন্দ্ৰীয় ভাব হৈছে মানৱ মনৰ আন্তৰিকতা, মানৱীয়তা। পাৰ্থিৱ বস্তুৱে পূৰাব নোৱাৰা অভাৱ আন্তৰিকতাৰেও পূৰ হৈ যায়। মগনিয়াৰজন দৰিদ্ৰ হালত তাৰ মনত আন্তৰিকতাৰ অভাৱ হোৱা নাছিল। কবিয়ে মগনিয়াৰৰ জৰিয়তে মানবীয় অনুভূতিৰ জয়কেই সাব্যস্ত কৰিছে।
8. ‘মগনিয়াৰ’ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা।
উত্তৰঃ এদিন কবি বাটেদি গৈ থাকোতে বুঢ়া, হাড়-ছাল, ওলোৱা মগনিয়াৰ এজনে কবিক ভিক্ষা খুজিলে। সেই সময়ত কবিৰ হাতত একোৱেই নাছিল। টকা, ঘড়ী আনকি এখন ৰুমালো নাছিল। এনেদৰে থাকিব নোৱাৰি কবিয়ে ল’ৰা লৰিকৈ মগনিয়াৰ জনৰ দুহাত সাবটি ধৰি কৈ উঠিল- “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই।”
মগনিয়াজনে আচৰিত হৈ এবাৰ কবিৰ ফালে চালে আৰু অলপ হাঁহিলে তাৰ পিছত কবিৰ হাত দুখনত ধৰি অতি কষ্টৰে মাত লগালে- “কি হল একো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ- ইও যে এটা দান।” কবিয়েও এজন লগৰীয়াৰ পৰা এটা দান পালে।
লেখক পৰিচয়ঃ যতীন্দ্রনাথ দুৱৰা (১৮৯২-১৯৬৪) আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। তেওঁৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত। ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষার্থে তেওঁ কটন কলেজত ভর্ত্তি হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিছ চার্চ কলেজৰ পৰা বি. এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম. এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে।
ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত দুৱৰাই প্রথম শিক্ষকতা কৰিবলৈ লয়। পিছত স্কটিচ চার্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলিকতা বিশ্ববিদ্যালয়ৰ এম. এ. শ্রেণীতো অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমান বক্স সুৰজমল কানৈ কলেজ স্থাপন হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু এই পদৰ পৰাই অৱসৰ লাভ কৰে।
ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হ’ল ওমৰ তীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্র কথা কবিতাৰ পুথি। এইখন অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম সার্থক কথা কবিতাৰ পুথি। ‘বনফুল‘ কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী’ বঁটা লাভ কৰে।
সাহিত্য একাডেমী বঁটা লাভ কৰা তেঁৱেই হৈছে প্রথম অসমীয়া। তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুর্বিংশ অধিবেশনৰ সভাপতি হৈছিল।
১৯৬৪ চনত শিৱসাগৰত যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু হয়।

FAQs
1. Class 12 Assamese Mogoniar Kotha Question Answer কি কি দিয়া হৈছে?
Ans: Class 12 Assamese Mogoniar Kotha Question Answer বিশেষকৈ অতি চমু প্ৰশ্ন উত্তৰ, চমু প্ৰশ্ন উত্তৰ, বহল প্ৰশ্ন উত্তৰ লগতে ব্যাকৰণ আভাস দিয়া হৈছে।
2. Class 12 Assamese Mogoniar Kotha Question Answer PDF Notes কত পাম?
Ans: আপুনি Class 12 Assamese Mogoniar Kotha Question Answer PDF Notes সম্পূৰ্ণ বিনামূল্যত Nitid Academy নামৰ ৱেবচাইটত পাব।
3. Class 12 Assamese Mogoniar Kotha Question Answer ৰ পৰা HS Final Exam ত কি কি সুধিব পাৰে?
Ans: Class 12 Assamese Mogoniar Kotha Question Answer যি যি সন্নিবিষ্ট আছে তাৰেই পৰা ১০০% কমন থাকিব পৰীক্ষাত।
