আপুনি যদি Class 10 Science Chapter 3 Question Answer in Assamese বিচাৰি আছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই, আমি আপোনাৰ বাবে Nitid Academy ৰ জৰিয়তে সম্পূৰ্ণ বিনামূল্যত Class 10 Science Chapter 3 Question Answer in Assamese লৈ আহিছো।
Class 10 Science Chapter 3 Question Answer in Assamese | PDF
ইয়াত আমি সম্পূৰ্ণ অধ্যায়ৰ Making Question Answer, Textual Question Answer, Full Exercise Solution দিয়াৰ ব্যৱস্থা কৰিছো। ইয়াৰ উপৰিও আমি Class 10 Science Chapter 3 Question Answer in Assamese PDF (ধাতু আৰু অধাতু প্ৰশ্ন উত্তৰ) দিয়াৰ ব্যৱস্থা কৰিছো।
Making Question Answer
১. ধাতুৰ ভৌতিক ধৰ্মসমূহ লিখা?
উত্তৰ: ধাতুসমূহে কিছুমান ব্যতিক্ৰমী ধৰ্ম প্ৰদৰ্শন কৰে যিবোৰে তাক অন্য পদাৰ্থৰ পৰা পৃথক কৰে।
- পৰিবাহিতা (Conductivity): ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। মুক্ত ইলেক্ট্ৰনৰ উপস্থিতিৰ বাবে ইয়াৰ মাজেৰে বৈদ্যুতিক আধান সহজে চলাচল কৰিব পাৰে। এই ধৰ্মৰ বাবেই বৈদ্যুতিক তাঁৰ আৰু তাপ বিনিময়ক যন্ত্ৰত ধাতু ব্যৱহাৰ কৰা হয়।
- ঘাতসহনশীলতা (Malleability): ধাতুক হাতুৰীৰে পিটি বা হেঁচা দি ভাঙি নোযোৱাকৈ পাতল পাত এচটা কৰিব পাৰি। ধাতৱীয় বান্ধোন নষ্ট নকৰাকৈ পৰমাণুবোৰ এটাৰ ওপৰেৰে আনটো পিচলি যাব পৰা ক্ষমতাৰ বাবেই এইটো সম্ভৱ হয়।
- নমনীয়তা (Ductility): ধাতুৰ শক্তি নষ্ট নকৰাকৈ ইয়াক টানি লাহী তাঁৰলৈ পৰিণত কৰিব পাৰি। নমনীয় ধাতুসমূহ বৈদ্যুতিক তাঁৰ উৎপাদনত ব্যৱহাৰ কৰা হয়।
- উচ্চ গলনাংক আৰু উতলাংক: অধাতুৰ তুলনাত ধাতুৰ গলনাংক আৰু উতলাংক সাধাৰণতে উচ্চ হয়। ইয়াৰ কাৰণ হ’ল পৰমাণুবোৰৰ মাজত থকা শক্তিশালী ধাতৱীয় বান্ধোন।
- দ্যুতি বা উজ্জ্বলতা (Luster): নতুনকৈ পলিচ কৰিলে ধাতুসমূহ জিলিকি উঠে। ধাতুৰ মুক্ত ইলেক্ট্ৰনবোৰে পোহৰৰ ফটোনৰ সৈতে বিক্ৰিয়া কৰাৰ বাবে ই পোহৰ প্ৰতিফলিত কৰিব পাৰে।
- নিনাদি (Sonorousness): ধাতুত আঘাত কৰিলে এক বিশেষ ধৰণৰ শব্দ উৎপন্ন হয়। এই ধৰ্মৰ বাবে ঘণ্টা বা সংগীতৰ বাদ্যযন্ত্ৰ তৈয়াৰ কৰাত ধাতু ব্যৱহাৰ কৰা হয়।
২. উদাহৰণসহ অপৰূপৰ (Allotrope) সংজ্ঞা দিয়া?
উত্তৰ: একেটা মৌলৰে বিভিন্ন গাঁথনিগত ৰূপক অপৰূপ বোলা হয়, য’ত পৰমাণুবোৰ ইটোৱে সিটোৰ সৈতে ভিন্ন ধৰণে বান্ধ খাই থাকে। উদাহৰণ স্বৰূপে:
- হীৰা: ই কাৰ্বনৰ এটা স্ফটিকীয় অপৰূপ। ই অতি কঠিন আৰু বিদ্যুতৰ কুপৰিবাহী।
- গ্ৰেফাইট: ই কাৰ্বনৰ আন এক স্তৰীয় গঠনযুক্ত অপৰূপ। ই বিদ্যুতৰ সুপৰিবাহী আৰু পিচ্ছিলকাৰক হিচাপে ব্যৱহাৰ কৰা হয়।
- ফুলাৰিন (Fullerenes): এইবোৰ সম্পূৰ্ণৰূপে কাৰ্বনেৰে গঠিত অণু। ইয়াৰ ভিতৰত ‘বাকমিনিষ্টাৰফুলাৰিন’ (C60) আটাইতকৈ পৰিচিত।
৪. বায়ুৰ সৈতে ধাতুৱে কেনেকৈ বিক্ৰিয়া কৰে উদাহৰণসহ বুজাই লিখা?
উত্তৰ: ধাতু আৰু বায়ু (অক্সিজেন) বিক্ৰিয়া কৰিলে ধাতৱ অক্সাইড উৎপন্ন হয়। সাধাৰণ সমীকৰণটো হ’ল:
ধাতু + অক্সিজেন → ধাতৱ অক্সাইড
2Cu + O2 →2CuO
৫. এলুমিনিয়াম অক্সাইডক কিয় উভধৰ্মী অক্সাইড (Amphoteric Oxide) বুলি কোৱা হয়?
উত্তৰ: এলুমিনিয়াম অক্সাইড অম্ল আৰু ক্ষাৰক দুয়োৰে সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেয়েহে ইয়াক উভধৰ্মী অক্সাইড বোলা হয়।
Al2O3 + 6HCl → 2AlCl3 + 3H2O
Al2O3 + 6NaOH → 2NaAlO2 + H2O
৬. ছডিয়াম আৰু পটাছিয়ামক কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?
উত্তৰ: ছডিয়াম আৰু পটাছিয়াম অতিশয় সক্ৰিয় ধাতু আৰু যিকোনো সময়তে অক্সিজেন আৰু জলীয় ভাপৰ সৈতে হ’ব পৰা বিক্ৰিয়া কৰি জ্বলি উঠিব পাৰে। দূৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ ইহঁতক কেৰাচিনত ৰখা হয়।
৭. পানীৰ সৈতে ধাতুৰ বিক্ৰিয়া হ’লে কি হয় বুজাই লিখা?
উত্তৰ: পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতুৱে ধাতৱ হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে।
ধাতু + পানী → ধাতৱ হাইড্ৰক্সাইড + হাইড্ৰজেন গেছ
অতি সক্ৰিয় ধাতু Na আৰু K পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে।
2Na +2H2O → 2NaOH + H2 + Heat
2K +2H2O → 2KOH + H2 + Heat
কেলচিয়াম (Ca) ৰ পানীৰ সৈতে বিক্ৰিয়া কম তীব্ৰ আৰু ইয়াত জুই নালাগে।
Ca +2H2O → Ca (OH)2 + H2
মেগনেছিয়াম (Mg) চেঁচা পানীৰ সৈতে বিক্ৰিয়া নকৰে, কেৱল গৰম পানীৰ সৈতেহে কৰে।
Mg + 2H2O → 2Mg (OH)2 + H2
Al, Fe আৰু Zn চেঁচা বা গৰম পানীৰ সৈতে বিক্ৰিয়া নকৰে, কেৱল পানীৰ ভাপৰ (Steam) সৈতেহে কৰে।
2Al + 3H2O → Al2O3 + 3H2
3Fe + 3H2O → Fe3O4 + 4H2
Pb, Cu, Ag, Au ধাতুবোৰে কোনো পৰিস্থিতিতে পানীৰ সৈতে বিক্ৰিয়া নকৰে।
৮. নাইট্ৰিক এচিডৰ সৈতে ধাতুৰ বিক্ৰিয়া হ’লে কি হয়?
উত্তৰ: ধাতুৱে নাইট্ৰিক এচিড (HNO3) ৰ সৈতে বিক্ৰিয়া কৰিলে ধাতৱ নাইট্ৰেট উৎপন্ন হয়, কিন্তু হাইড্ৰজেন গেছ উৎপন্ন নহয়। কাৰণ নাইট্ৰিক এচিড এটা শক্তিশালী জাৰক দ্ৰব্য যিয়ে উৎপন্ন হোৱা হাইড্ৰজেনক পানীলৈ জাৰিত কৰে।
৯. ধাতুৱে আন ধাতুৰ লৱণৰ দ্ৰৱণৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে?
উত্তৰ: অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক তাৰ লৱণৰ দ্ৰৱণৰ পৰা অপসাৰিত কৰে ইয়াক অপসাৰণ বিক্ৰিয়া (Displacement reaction) বুলি কোৱা হয়। উদাহৰণ:
Zn + CuSO4 → ZnSO4 + Cu
এই বিক্ৰিয়াত Cu ৰ তুলনাত Zn অতি সক্ৰিয়, সেইবাবে CuSO4 দ্ৰৱৰ পৰা Cu ক অপসাৰিত কৰিব পাৰে।
সক্ৰিয়তা শ্ৰেণী মনত ৰখাৰ উপায়: (পটাছিয়াম > ছডিয়াম > কেলচিয়াম > মেগনেছিয়াম > এলুমিনিয়াম > জিংক > আইৰন > টিন > লেড > হাইড্ৰজেন > কপাৰ > ছিলভাৰ > গ’ল্ড)

১০. ধাতুৱে আৰু অধাতুৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে?
উত্তৰ: ধাতু আৰু অধাতুৱে ক্ৰমে ইলেক্ট্ৰন ত্যাগ আৰু গ্ৰহনৰ জৰিয়তে সুস্থিৰতা লাভ কৰিব খোজে। এই প্ৰক্ৰিয়াৰ জৰিয়তে ধনাত্মক (+ve) আৰু ঋণাত্মক (- ve) আয়ন সৃষ্টি কৰি আয়নীয় বান্ধনীৰ জৰিয়তে আয়নীয় যৌগ সৃষ্টি কৰে।

১১. আয়নীয় যৌগৰ সংজ্ঞা দিয়া?
উত্তৰ: ধাতুৰ পৰা অধাতুলৈ ইলেক্ট্ৰন স্থানান্তৰিত হৈ গঠন হোৱা যৌগকে আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ বোলে। উদাহৰণ: NaCl
১২. আয়নীয় যৌগৰ ধৰ্মসমূহ উল্লেখ কৰা?
উত্তৰ: আয়নীয় যৌগৰ ধৰ্মসমূহ হল –
- সাধাৰণতে কঠিন হয়।
- পানীত দ্ৰৱণীয় কিন্তু পেট্ৰ’ল বা বেনজিনত অদ্ৰৱণীয়।
- গলনাংক আৰু উতলাংক অতি উচ্চ।
- কঠিন অৱস্থাত বিদ্যুৎ পৰিবহণ নকৰে, কিন্তু গলিত অৱস্থাত কৰে।
১৪. খনিজ পদাৰ্থ (Minerals) আৰু আকৰ (Ores) বুলিলে কি বুজা?
উত্তৰ: প্ৰকৃতিত পোৱা নিৰ্দিষ্ট ৰাসায়নিক গঠনযুক্ত অজৈৱ কঠিন পদাৰ্থক খনিজ পদাৰ্থ বোলে। উদাহৰণ: কোৱাৰ্টজ (SiO2) ফেলস্ফাৰ (KAlSi3O8 – NaAlSi3O8 – CaAl2Si2O8)
যিবোৰ খনিজ পদাৰ্থৰ পৰা লাভজনকভাৱে ধাতু নিষ্কাশন কৰিব পাৰি তাক আকৰ বোলে। উদাহৰণ: বক্সাইট (Al2O3. 2H2O) আৰু হেমেটাইট (Fe2O3) হ’ল Al আৰু Fe ৰ আকৰ।
১৫. সক্ৰিয়তাৰ ভিত্তিত ধাতু নিষ্কাশন প্ৰক্ৰিয়া বৰ্ণনা কৰা?
উত্তৰ: আকৰৰ পৰা ধাতু নিষ্কাশন এক জটিল প্ৰক্ৰিয়া যত একাধিক পৰ্যায় থাকে। বিভিন্ন সক্ৰিয়তাৰ ধাতুৰ ওপৰত নিৰ্ভৰ কৰি ধাতুসমূহ ভিন ভিন পদ্ধতিৰ সহায়ত নিষ্কাশন কৰা হয়। তলত আমি এক সাধাৰণ প্ৰক্ৰিয়া আলোচনা কৰিছো –
- আকৰ সংগ্ৰহ: পৃথিৱী পৃষ্ঠৰ পৰা ধাতু নিষ্কাশনৰ বাবে আকৰ সংগ্ৰহ কৰা হয়।
- আকৰৰ ভঙ্গণ বা গুড়ীকৰণ: সংগ্ৰহ কৰা অকৰ সাধাৰণতে এই প্ৰক্ৰিয়াৰ জৰিয়তে সৰু সৰু টুকুৰাত পৰিণত কৰা হয়।
- আকৰৰ গাঢ়িকৰণ: সংগ্ৰহ কৰা আকৰৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতৰ লগত বহু অশুদ্ধি মিহলি হৈ থাকে। কিছু ৰাসায়নিক আৰু ভৌতিক প্ৰক্ৰিয়াৰ জৰিয়তে এই অশুদ্ধি সমূহ আঁতৰ কৰা হয়। এই প্ৰকৃত আকৰৰ গাঢ়িকৰণ বুলিও কোৱা হয়।
এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত ধাতুৰ সক্ৰিয়তা অনুসৰি পৰৱৰ্তী পৰ্যয়সমূহলৈ আগবঢ়া হয়।
১) যদি সংগ্ৰহকৃত ধাতু নিম্ন সক্ৰিয়তাৰ হয়: Hg, Cu আদিৰ দৰে নিম্ন সক্ৰিয়তাৰ ধাতু সমূহ সিহঁতৰ অকৰ HgS আৰু Cu2S ৰ পৰা অক্সিজেনৰ উপস্থিতত তাপ দি নিষ্কাশন কৰিব পাৰি।
২) যদি সংগ্ৰহকৃত ধাতু মজলীয়া সক্ৰিয়ৰ হয়: Zn ৰ দৰে মজলীয়া সক্ৰিয় ধাতু ZnS আৰু ZnCO3 ৰ পৰা ক্ৰমে তাপজাৰণ আৰু দগ্ধিকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নিষ্কাশন কৰিব পাৰি।
ইয়াৰ পৰৱৰ্তী সময়ত ধৰি পৰা অক্সিজেন গুচাবলৈ কেতিয়াবা C, H2 আৰু CO ৰ সহায় লোৱা হয়।
৩) যদি সংগ্ৰহকৃত ধাতু উচ্চ সক্ৰিয়ৰ হয়: উচ্চ সক্ৰিয় ধাতু সমূহৰ নিষ্কাশন প্ৰক্ৰিয়া অতি জটিল। এই ধাতুৰ নিষ্কাশন কেৱল বিদ্যুৎ বিজৰণৰ দ্বাৰাহে সম্ভৱ।
বিদ্যুৎ বিজাৰণ প্ৰক্ৰিয়াত আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পঠিয়ালে এনড আৰু কেথডত বিক্ৰিয়াৰ জৰিয়তে উচ্চ সক্ৰিয় ধাতু নিষ্কাষিত হয়।
১৬. ধাতুৰ বিদ্যুৎ বিশ্লেষণাত্মক পৰিশোধন (Electrolytic Refining) পদ্ধতিটো কি?
উত্তৰ: অশুদ্ধ ধাতুক সম্পূৰ্ণ বিশুদ্ধ অৱস্থাত নিবলৈ ধাতুৰ বিদ্যুৎ পৰিশোধন পদ্ধতিৰ সহায় লোৱা হয়।
এই পদ্ধতিত চিত্ৰত দেখুওৱাৰ দৰে অশুদ্ধ ধাতুক এন’ড আৰু বিশুদ্ধ ধাতুক কেথ’ড হিচাপে লোৱা হয়। বিদ্যুৎ বিজাৰক দ্ৰৱ হিচাপে পৰিশোধন কৰিব খোজা ধাতুৰ লৱণ লোৱা হয়। এই প্ৰক্ৰিয়াত অনুঘটক হিচাপে এচিড যোগ কৰা হয়।

প্ৰত্যক্ষ বিদ্যুৎ পঠিওৱাৰ লগে লগে কেথডত বিশুদ্ধ ধাতু জমা হয় লগতে এন’ডৰ তলত গেদ হিচাপে অশুদ্ধি জমা হয়। এই অশুদ্ধিক এন’ড বোকা বুলিও কোৱা হয়।
১৭. ক্ষয়ীভৱন (Corrosion) কি? ইয়াৰ প্ৰতিৰোধৰ উপায়সমূহ কি কি?
উত্তৰ: যি প্ৰক্ৰিয়াৰ জৰিয়তে ধাতু বা ধাতু পৃষ্টত এচিড, পানী, বায়ু আদিৰ প্ৰভাৱত নষ্ট হয় তাক ধাতুৰ ক্ষয়ীভৱন বোলে। প্ৰতিৰোধৰ উপায়:
- ৰং কৰা
- গেলভানাইজেচন
- সংকৰ ধাতু প্ৰস্তুতকৰণ
- তেল বা গ্ৰীজ লগোৱা
১৮. সংকৰ ধাতু (Alloy) কি?
উত্তৰ: দুই বা ততোধিক ধাতু অথবা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণক সংকৰ ধাতু বোলে। যেনে: ৰঙা সোণ (তাম আৰু সোণৰ মিশ্ৰণ) ।
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং: 40)
1) এনে এটা ধাতুৰ উদাহৰণ দিয়া যি:
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰীৰে অনায়াসে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কুপৰিবাহী।
উত্তৰ: (i) পাৰা (Mercury)
(ii) ছ’ডিয়াম (Sodium)
(iii) ৰূপ (Silver)
(iv) সীহ (Lead)
2) ঘাতসহনশীল (malleable) আৰু নমনীয়ৰ (ductile) অৰ্থ বুজাই লিখা।
উত্তৰ: ঘাতসহনশীল: যিবোৰ ধাতুক হাতুৰীৰে পিটি পাতল পাতলৈ ৰূপান্তৰিত কৰিব পাৰি, তাক ঘাতসহনশীল বোলা হয়।
নমনীয়: যিবোৰ ধাতুক টানি পাতল তাঁৰলৈ ৰূপান্তৰিত কৰিব পাৰি, তাক নমনীয় বোলা হয়।
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং: 46)
1) ছ‘ডিয়াম কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়?
উত্তৰ: ছ’ডিয়াম অতি সক্ৰিয় ধাতু। বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কাৰ্বন ডাই-অক্সাইডৰ সৈতে ইয়াৰ বিক্ৰিয়া ৰোধ কৰিবলৈ আৰু আকস্মিক অগ্নিকাণ্ডৰ পৰা হাত সাৰিবলৈ ইয়াক কেৰাচিন তেলত ডুবাই ৰখা হয়।
2) তলত দিয়াবোৰৰ বিক্ৰিয়াৰ সমীকৰণ লিখা:
(i) ষ্টীম বা ভাপৰ লগত আইৰণ।
উত্তৰ: আইৰণে ভাপৰ লগত বিক্ৰিয়া কৰি Fe ৰ মেগনেটিক অক্সাইড উৎপন্ন কৰে আৰু H2 গেছ নিৰ্গত কৰে।
3Fe(s) + 4H2O(g) → Fe3O4(s) + 4H2(g)
(ii) পানীৰ লগত কেলসিয়াম আৰু পটেছিয়াম।
উত্তৰ: কেলসিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি কেলসিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন উৎপন্ন কৰে।
Ca(s) + 2H2O(l) → Ca(OH)2(aq) + H2(g)
পটেছিয়ামে চেঁচা পানীৰ সৈতে অতি তীব্ৰভাৱে বিক্ৰিয়া কৰে আৰু লগে লগে $H_2$ গেছ নিৰ্গত হয় যিয়ে জুই ধৰে।
2K(s) + 2H2O(l) → 2KOH(aq) + H2(g)
3. চাৰিটা ধাতু A, B, C আৰু D ৰ নমুনা লোৱা হ‘ল আৰু তলত দিয়া দ্ৰৱবোৰত এটাকৈ যোগ কৰা হ‘ল। পোৱা ফলাফলসমূহ তলৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে:
| ধাতু | আইৰণ(II) ছালফেট | কপাৰ(II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্ৰেট |
| A | কোনো বিক্ৰিয়া নাই | অপসাৰণ | ||
| B | অপসাৰণ | |||
| C | কোনো বিক্ৰিয়া নাই | কোনো বিক্ৰিয়া নাই | কোনো বিক্ৰিয়া নাই | অপসাৰণ |
| D | কোনো বিক্ৰিয়া নাই | কোনো বিক্ৰিয়া নাই | কোনো বিক্ৰিয়া নাই |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি ধাতু A, B, C আৰু D ৰ বিষয়ে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
1) আটাইতকৈ সক্ৰিয় ধাতু কোনটো?
উত্তৰ: ধাতু B আটাইতকৈ সক্ৰিয় কাৰণ ই আইৰণ ছালফেটৰ সৈতে অপসাৰণ বিক্ৰিয়া প্ৰদৰ্শন কৰে।
2) কপাৰ (II) ছালফেটৰ দ্ৰৱত B যোগ কৰিলে কি দেখিবলৈ পাবা?
উত্তৰ: যেতিয়া ধাতু B কপাৰ (II) ছালফেটৰ দ্ৰৱত যোগ কৰা হয়, এটা অপসাৰণ বিক্ৰিয়া ঘটিব যাৰ ফলত কপাৰ (II) ছালফেট দ্ৰৱৰ নীলা ৰং ম্লান পৰিব আৰু ধাতু B-ৰ ওপৰত কপাৰৰ ৰঙা-মটীয়া তৰপ এটা জমা হ’ব।
3) ধাতু A, B, C আৰু D ক সিহঁতৰ সক্ৰিয়তাৰ অধঃক্ৰমত সজোৱা।
উত্তৰ: ধাতু B আটাইতকৈ সক্ৰিয় কাৰণ ই আইৰণক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে।
ধাতু A তুলনামূলকভাৱে কম সক্ৰিয় কাৰণ ই কপাৰক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে।
ধাতু C তাতোকৈ কম সক্ৰিয় কাৰণ ই কেৱল ছিলভাৰকহে তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব পাৰে, আৰু ধাতু D আটাইতকৈ কম সক্ৰিয় কাৰণ ই কোনো ধাতুক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে।
গতিকে, ধাতুবোৰৰ সক্ৰিয়তাৰ অধঃক্ৰমটো হ’ল: B > A > C > D
4) সক্ৰিয় ধাতু এটাৰ লগত লঘু হাইড্ৰ’ক্ল’ৰিক এচিড যোগ কৰিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু H2SO4 ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ: সক্ৰিয় ধাতু এটাৰ লগত লঘু HCl যোগ কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়।
Fe(s) + H2SO4(aq) → FeSO4(aq) + H2(g)
5) আইৰণ (II) ছালফেটৰ দ্ৰৱত জিংক যোগ কৰিলে কি দেখিবলৈ পোৱা যায়? সংঘটিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো লিখা।
উত্তৰ: আইৰণতকৈ জিংক অধিক সক্ৰিয় (অধিক বিদ্যুৎ ধনাত্মক)। সেয়েহে, জিংকে আইৰণক তাৰ লৱণৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। ফেৰাছ ছালফেটৰ ৰং শেঁতা সেউজীয়া, যিটো বৰণহীন হৈ পৰে।
FeSO4 + Zn → ZnSO4 + Fe(s)
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং: 49)
1) (i) ছ’ডিয়াম আৰু অক্সিজেনৰ ইলেক্ট্ৰন-বিন্দু গঠন লিখা।
উত্তৰ:

ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন দেখুৱা।
উত্তৰ: Na ৰপাৰমাণৱিক সংখ্যা ১১। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল 2.8.1। ইয়াৰ যোজক কক্ষত 1 টা ইলেক্ট্ৰন থাকে। অক্সিজেনৰপাৰমাণৱিক সংখ্যা 8। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল 2. 6। ইয়াৰ যোজক কক্ষত 6 টা ইলেক্ট্ৰন থাকে।
সুস্থিৰ হ’বলৈ ছডিয়াম পৰমাণুক 1 টা ইলেক্ট্ৰন ত্যাগ কৰিবলৈ প্ৰয়োজন, আনহাতে অক্সিজেন পৰমাণুক অষ্টক পূৰ্ণ কৰিবলৈ 2 টা ইলেক্ট্ৰনৰ প্ৰয়োজন। সেয়েহে, দুটা ছডিয়াম পৰমাণুৱে নিজৰ যোজক কক্ষৰ পৰা এটাকৈ ইলেক্ট্ৰন (মুঠ 2 টা) ইলেক্ট্ৰন এটা অক্সিজেন পৰমাণুলৈ স্থানান্তৰ কৰে।
মেগনেছিয়ামৰপাৰমাণৱিক সংখ্যা 12। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল 2. 8. 2। ইয়াৰ যোজক কক্ষত 2 টা ইলেক্ট্ৰন থাকে।
অক্সিজেনৰপাৰমাণৱিক সংখ্যা 8। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ’ল 2. 6। ইয়াৰ যোজক কক্ষত 6 টা ইলেক্ট্ৰন থাকে।
সুস্থিৰ হ’বলৈ মেগনেছিয়াম পৰমাণুৱে ইয়াৰ যোজক কক্ষৰ 2 টা ইলেক্ট্ৰন ত্যাগ কৰিব লাগে। আনহাতে, অক্সিজেন পৰমাণুক অষ্টক পূৰ্ণ কৰিবলৈ ঠিক 2 টা ইলেক্ট্ৰনৰেই প্ৰয়োজন। সেয়েহে, এটা মেগনেছিয়াম পৰমাণুৱে ইয়াৰ দুয়োটা ইলেক্ট্ৰন এটা অক্সিজেন পৰমাণুলৈ স্থানান্তৰ কৰে।
iii) এই যৌঁগবোৰত থকা আয়নবোৰ কি কি?
উত্তৰ: Na2O ত থকা আয়নবোৰ হ’ল Na+ আৰু O2- আৰু MgO ত থকা আয়নবোৰ হ’ল Mg2+ আৰু O2-
2) আয়নীয় যৌঁগবোৰৰ গলনাংক কিয় বেছি হয়?
উত্তৰ: আয়নীয় যৌগবোৰত ধনাত্মক আৰু ঋণাত্মক দুয়োবিধ আধান থাকে। সেয়েহে, ইহঁতৰ মাজত শক্তিশালী আকৰ্ষণ বল থাকে। এই আকৰ্ষণ বল ভাঙিবলৈ যথেষ্ট পৰিমাণৰ তাপৰ প্ৰয়োজন হয়, সেইকাৰণে আয়নীয় যৌঁগবোৰৰ গলনাংক বেছি।
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং: 53)
1) তলত দিয়া পদবোৰৰ সংজ্ঞা দিয়া।
(i) খনিজ পদাৰ্থ (Mineral)
(ii) আকৰিক (Ore)
(iii) খনিজ মল (Gangue)
উত্তৰ:(i) পৃথিৱীৰ খোলাটোত প্ৰাকৃতিকভাৱে পোৱা যৌগ বা মৌলবোৰকে খনিজ পদাৰ্থ বোলা হয়। উদাহৰণ: ফটকিৰি (Alums), K2SO4. Al2(SO4)3. 24H2O আদি।
(ii) যিবোৰ খনিজ পদাৰ্থৰ পৰা লাভজনকভাৱে ধাতু আহৰণ কৰিব পাৰি, তাক আকৰিক বোলা হয়। উদাহৰণ: বক্সাইট Al2O3. 2H2O হৈছে Al-ৰ আকৰিক, কপাৰ পাইৰাইটিছ CuFeS2। সকলো খনিজ পদাৰ্থ আকৰিক নহয়, কিন্তু সকলো আকৰিক খনিজ পদাৰ্থ।
(iii) খনিৰ পৰা আহৰণ কৰা আকৰিকবোৰত প্ৰাকৃতিকভাৱে বালি, শিলৰ টুকুৰা আদি মিহলি হৈ থাকে। আকৰিকত থকা এই অশুদ্ধিবোৰক খনিজ মল বুলি কোৱা হয়।
2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ: সোণ আৰু প্লেটিনাম হৈছে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু।
3. ধাতু এটা তাৰ অক্সাইডৰ পৰা পাবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰ: ধাতু এটা তাৰ অক্সাইডৰ পৰা পাবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে –
ZnO + C → Zn + CO
PbO + C → Pb + CO
পাঠ্যভিত্তিক প্ৰশ্নোত্তৰ (পৃষ্ঠা নং: 55)
1) জিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱীয় অক্সাইডসমূহ তলত দিয়া ধাতুবোৰৰ সৈতে উত্তপ্ত কৰা হ‘ল।
| ধাতু | জিংক | মেগনেছিয়াম | কপাৰ |
| জিংক অক্সাইড | |||
| মেগনেছিয়াম অক্সাইড | |||
| কপাৰ অক্সাইড |
উত্তৰ: বেছি সক্ৰিয় ধাতু এটাই কম সক্ৰিয় ধাতু এটাক তাৰ অক্সাইডৰ পৰা অপসাৰিত কৰিব পাৰে। জিংক, মেগনেছিয়াম আৰু কপাৰ ধাতুৰ ভিতৰত মেগনেছিয়াম আটাইতকৈ সক্ৰিয়, কপাৰ আটাইতকৈ কম সক্ৰিয় আৰু জিংক তুলনামূলকভাৱে কম সক্ৰিয়। তলত দিয়া ক্ষেত্ৰসমূহত অপসাৰণ বিক্ৰিয়া ঘটিব:
| ধাতু | জিংক | মেগনেছিয়াম | কপাৰ |
| জিংক অক্সাইড | অপসাৰণ | ||
| মেগনেছিয়াম অক্সাইড | |||
| কপাৰ অক্সাইড | অপসাৰণ | অপসাৰণ |
2) কোনবোৰ ধাতু সহজে ক্ষয়ীভৱন নহয়?
উত্তৰ: অতি নিম্ন সক্ৰিয় ধাতু যেনে সোণ আৰু প্লেটিনাম সহজে ক্ষয়ীভৱন নোহোৱা ধাতু।
3. সংকৰ ধাতু কি?
উত্তৰ: সংকৰ ধাতু হৈছে দুটা বা ততোধিক ধাতু, অথবা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণ।
অনুশীলনী (Exercise)
1. তলৰ কোনটো যোৰে অপসাৰণ বিক্ৰিয়া দেখুৱাব?
(a) NaCl দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCl2 দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4 দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3 দ্ৰৱ আৰু কপাৰ ধাতু ।
উত্তৰ: (d) AgNO3 দ্ৰৱ আৰু কপাৰ ধাতু ।
Cu(s) + 2AgNO3(aq) → Cu(NO3)2(aq) + 2Ag(s)
2. আইৰণৰ ফ্ৰাইং পেন (Frying pan) এখন মামৰে ধৰাৰ পৰা বচাবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত?
(a) গ্ৰীজ সানি
(b) ৰং সানি
(c) জিংকৰ প্ৰলেপ দি
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (c) জিংকৰ প্ৰলেপ দি।
3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ এটা যৌঁগ উৎপন্ন কৰে। এই যৌঁগটো পানীত দ্ৰৱণীয়। মৌলটো কি হ’ব পাৰে?
(a) কেলচিয়াম
(b) কাৰ্বন
(c) চিলিকন
(d) আইৰণ
উত্তৰ: (a) কেলচিয়াম ।
4. খাদ্যবস্তু ভৰাই ৰখা টেমাৰ ভিতৰফালে টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়। কাৰণ—
(a) টিনতকৈ জিংক দামী।
(b) টিনতকৈ জিংকৰ গলনাংক বেছি।
(c) টিনতকৈ জিংক অধিক সক্ৰিয়।
(d) টিনতকৈ জিংক কম সক্ৰিয়।
উত্তৰ: (c)। খাদ্যৰ টেমাবোৰত জিংকৰ সলনি টিনৰ প্ৰলেপ দিয়া হয় কাৰণ জিংক টিনতকৈ অধিক সক্ৰিয় অৰ্থাৎ অধিক বিদ্যুৎ ধনাত্মক।
5. তোমাক এটা হাতুৰী, এটা বেটেৰী, এটা বাল্ব, তাঁৰ আৰু এটা চুইচ দিয়া হ‘ল।
(a) ধাতু আৰু অধাতুৰ নমুনাবোৰৰ মাজত পাৰ্থক্য উলিয়াবলৈ তুমি এইবোৰ কেনেদৰে ব্যৱহাৰ কৰিবা?
উত্তৰ: ধাতুবোৰ ঘাতসহনশীল আৰু হাতুৰীৰে পিটি ইয়াক সহজেই পাতল পাতলৈ ৰূপান্তৰিত কৰিব পাৰি। আনহাতে, আমি অধাতুবোৰক হাতুৰীৰে পিটিলে সেইবোৰ ভাঙি গুড়ি হৈ যায় আৰু যিহেতু সেইবোৰ ঘাতসহনশীল নহয়, সেয়েহে পাতলৈ ৰূপান্তৰ কৰিব নোৱাৰি।
ধাতুবোৰ বিদ্যুৎৰ সুপৰিবাহী; সেয়েহে বেটেৰী, তাঁৰ আৰু বাল্বৰ সৈতে ধাতুক সংযোগ কৰিলে বাল্বটো জ্বলি উঠে। একেদৰে, যিহেতু অধাতুবোৰ বিদ্যুৎৰ কুপৰিবাহী, সেয়েহে তাঁৰ আৰু বেটেৰীৰ সৈতে সংযোগ কৰিলে বাল্বটো জ্বলি নুঠে।
(b) ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য উলিয়াবলৈ এই পৰীক্ষাবোৰৰ উপযোগিতাৰ বিষয়ে মূল্যায়ন কৰা।
উত্তৰ: ধাতু আৰু অধাতুসমূহৰ ঘাতসহনশীলতা আৰু বিদ্যুৎ পৰিবাহীতা প্ৰদৰ্শন কৰিবলৈ এই পৰীক্ষাসমূহ সহায়ক হ’ব পাৰে।
6. উভধৰ্মী অক্সাইড কাক বোলে? দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ অক্সাইডে এচিড আৰু ক্ষাৰ দুয়োবিধৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, তেনে অক্সাইডক উভধৰ্মী অক্সাইড বোলে। উদাহৰণ: PbO আৰু Al2O3।
7. লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব পৰা দুটা ধাতুৰ নাম আৰু অপসাৰণ কৰিব নোৱাৰা দুটা ধাতুৰ নাম লিখা।
উত্তৰ: লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব পৰা দুটা ধাতু জিংক (Zn) আৰু মেগনেছিয়াম (Mg)। লঘু এচিডৰ পৰা হাইড্ৰজেন অপসাৰণ কৰিব নোৱাৰা দুটা ধাতু সোণ (Au) আৰু ৰূপ (Ag)।
8. M নামৰ ধাতু এটাৰ বৈদ্যুতিক শোধন পদ্ধতিত এ‘নড, কেথড আৰু বিদ্যুৎ বিশ্লেষ্য হিচাপে তুমি কি কি ল‘বা?
উত্তৰ: ‘M’ নামৰ ধাতু এটাৰ বৈদ্যুতিক শোধন প্ৰক্ৰিয়াত, M ধাতুৰ এটা অশুদ্ধ আৰু ডাঠ টুকুৰাক এ’নড হিচাপে লোৱা হয় আৰু বিশুদ্ধ M ধাতুৰ এখন পাতল পাত বা তাঁৰক কেথড হিচাপে লোৱা হয়। M ধাতুৰ এটা উপযুক্ত লৱণৰ দ্ৰৱক বিদ্যুৎ বিশ্লেষ্য হিচাপে লোৱা হয়।
9. প্ৰত্যুষে সৰু চামুচ (Spatula) এখনত ছালফাৰৰ গুড়ি লৈ উত্তপ্ত কৰিলে। তাৰ ওপৰত চিত্ৰত দেখুওৱাৰ দৰে এটা পৰীক্ষানলী ওভোটাই ধৰি উৎপন্ন হোৱা গেছটো সংগ্ৰহ কৰিলে।

(a) গেছটোৰ ক্ৰিয়া কেনেকুৱা হ‘ব?
i) শুকান লিটমাছ কাগজৰ ওপৰত?
ii) সিক্ত লিটমাছ কাগজৰ ওপৰত?
উত্তৰ: a) ছালফাৰৰ গুড়ি বায়ুত দহন কৰিলে ছালফাৰ-ডাই-অক্সাইড উৎপন্ন হয়।
(i) শুকান লিটমাছ কাগজৰ ওপৰত ছালফাৰ-ডাই-অক্সাইডৰ কোনো প্ৰভাৱ নপৰে।
(ii) ছালফাৰ-ডাই-অক্সাইডে সিক্ত লিটমাছ কাগজৰ ৰং নীলাৰ পৰা ৰঙালৈ পৰিৱৰ্তন কৰে, কাৰণ পানীৰ সংস্পৰ্শলৈ আহিলে SO2 ছালফিউৰাছ এচিডলৈ ৰূপান্তৰিত হয়।
(b) সংঘটিত হোৱা বিক্ৰিয়াটোৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰ: (b) S(s) + O2(g) → SO2(g)
SO2(g) + H2O → H2SO3
10. লোত মামৰে ধৰা ৰোধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা।
উত্তৰ: (i) লোৰ বস্তুবোৰৰ পৃষ্ঠভাগত মামৰ প্ৰতিৰোধী ৰং সানি লোত মামৰে ধৰা ৰোধ কৰিব পাৰি।
(ii) লোৰ বস্তুবোৰৰ পৃষ্ঠত তেল/গ্ৰীজ সানি দিলে ই লোৰ পৃষ্ঠভাগক জলীয় বাষ্প থকা বায়ুৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে।
11. অধাতুৱে অক্সিজেনৰ সৈতে লগ লাগিলে কেনে ধৰণৰ অক্সাইড উৎপন্ন কৰে?
উত্তৰ: অধাতুৱে অক্সিজেনৰ সৈতে লগ লাগিলে আম্লিক বা প্ৰশম অক্সাইড উৎপন্ন কৰে। উদাহৰণ: N2O5 বা N2O3 হৈছে আম্লিক অক্সাইড; CO হৈছে প্ৰশম অক্সাইড।
12. কাৰণ দৰ্শোৱা:
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, সোণ আৰু ৰূপ ব্যৱহাৰ কৰা হয়।
উত্তৰ: গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, সোণ আৰু ৰূপ ব্যৱহাৰ কৰা হয় কাৰণ এই ধাতুবোৰ অতি কম সক্ৰিয়। সেয়েহে, বায়ু, পানী বা বেছিভাগ ৰাসায়নিক পদাৰ্থৰ দ্বাৰা ইহঁত আক্ৰান্ত নহয়। এই ধাতুবোৰৰ যথেষ্ট জিলিকনি থাকে আৰু এইবোৰ ঘাতসহনশীল আৰু নমনীয় প্ৰকৃতিৰ, লগতে ইহঁতৰ ক্ষয়ীভৱন প্ৰতিৰোধী ক্ষমতাও বেছি।
(b) ছ‘ডিয়াম, পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
উত্তৰ: ছ’ডিয়াম, পটেছিয়াম আৰু লিথিয়াম পানীৰ সৈতে অনায়াসে বিক্ৰিয়া কৰি প্ৰচুৰ তাপ উৎপন্ন কৰে। ফলস্বৰূপে, বিক্ৰিয়াত নিৰ্গত হোৱা হাইড্ৰজেনে জুই ধৰে। বায়ুমণ্ডলত মুকলিকৈ ৰাখিলে ইহঁতে বায়ুত থকা জলীয় বাষ্পৰ (পানীৰ টোপাল) সৈতে বিক্ৰিয়া কৰে, সেয়ে পানীৰ সংস্পৰ্শলৈ অহাত বাধা দিবলৈ এই ধাতুবোৰ তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়াম অতি সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনৰ বাচন–বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কিয়?
উত্তৰ: এলুমিনিয়ামে ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা অসক্ৰিয় তৰপ গঠন কৰে। এনে প্ৰলেপে আন যৌঁগক এলুমিনিয়ামৰ সৈতে বিক্ৰিয়া কৰাত বাধা দিয়ে। সেয়েহে এলুমিনিয়াম ৰন্ধনৰ বাচন-বৰ্তন বনাবলৈ ব্যৱহাৰ কৰা হয়।
(d) ধাতু আহৰণ প্ৰক্ৰিয়াত কাৰ্বনেট আৰু ছালফাইড আকৰিকবোৰ সাধাৰণতে অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়।
উত্তৰ: ধাতুৰ অক্সাইডক মুক্ত ধাতুলৈ বিজাৰণ কৰাটো সহজ। তদুপৰি, কাৰ্বনেট বা ছালফাইডতকৈ অক্সাইডৰ পৰা ধাতু পোৱাটো সহজ হোৱা বাবে, ধাতু আহৰণৰ বাবে কাৰ্বনেট আৰু ছালফাইড আকৰিকবোৰক প্ৰথমতে অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়।
13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলী ৰসেৰে পৰিষ্কাৰ কৰা তুমি নিশ্চয় দেখিছা। পাত্ৰবোৰ পৰিষ্কাৰ কৰিবলৈ এই টেঙা বস্তুবোৰ কিয় কাৰ্যকৰী হয় বুজাই লিখা।
উত্তৰ: চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলীৰে পৰিষ্কাৰ কৰা হয় কাৰণ এই টেঙা বস্তুবোৰত এচিড থাকে যিয়ে চেকা লগা কপাৰৰ পাত্ৰৰ পৃষ্ঠভাগত থকা কপাৰ অক্সাইড বা ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ প্ৰলেপটো দ্ৰৱীভূত কৰে। ইয়াৰ ফলত পাত্ৰবোৰৰ ৰঙা-মটীয়া ৰংটো পুনৰ জিলিকি উঠে। সেয়েহে চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এইবোৰ অতি কাৰ্যকৰী।
14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ:
| ধাতু | অধাতু |
| ধাতুবোৰক অক্সিজেনৰ সৈতে উত্তপ্ত কৰিলে ইহঁতে আয়োনীয় অক্সাইড গঠন কৰে যিবোৰ প্ৰকৃতিত ক্ষাৰকীয় আৰু পানীত দ্ৰৱীভূত হৈ ক্ষাৰ গঠন কৰে। ই ৰঙা লিটমাছ কাগজক নীলা কৰে। | অধাতুবোৰক অক্সিজেনৰ সৈতে উত্তপ্ত কৰিলে ইহঁতে সহযোজী অক্সাইড গঠন কৰে যিবোৰ প্ৰকৃতিত আম্লিক, আৰু পানীত দ্ৰৱীভূত হৈ এচিড গঠন কৰে। ই নীলা লিটমাছ কাগজক ৰঙা কৰে। |
| ইহঁত বিদ্যুৎ ধনাত্মক, অনায়াসে ইলেক্ট্ৰন ত্যাগ কৰে আৰু ধনাত্মক আয়নত পৰিণত হয়। | ইহঁত বিদ্যুৎ ঋণাত্মক, ইলেক্ট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়নত পৰিণত হয়। |
| ধাতুবোৰ জিলিকি থাকে। | অধাতুবোৰ জিলিকি নাথাকে; গ্ৰেফাইট ইয়াৰ ব্যতিক্ৰম। |
| বিজাৰক পদাৰ্থ। | ভাল জাৰক পদাৰ্থ। |
| ধাতুবোৰ বিদ্যুৎ আৰু তাপৰ সুপৰিবাহী। | অধাতুবোৰ বিদ্যুৎ আৰু তাপৰ কুপৰিবাহী; গ্ৰেফাইট ইয়াৰ ব্যতিক্ৰম। |
| পাৰাৰ বাহিৰে সকলো ধাতু কঠিন। | অধাতুবোৰ কঠিন, জুলীয়া আৰু গেছীয় অৱস্থাত থাকে। |
15. এজন মানুহে সোণাৰীৰ ভেশ ধৰি ঘৰে ঘৰে গৈছিল। তেওঁ পুৰণি আৰু ম্লান পৰা সোণৰ আ–অলংকাৰৰ জিলিকনি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিছিল। এগৰাকী সৰলমহিলা তেওঁক এযোৰ সোণৰ খাৰু দিলে যিযোৰ তেওঁ এটা বিশেষ দ্ৰৱত জুবুৰিয়ালে। খাৰুযোৰ নতুনৰ দৰে জিলিকি উঠিল কিন্তু তাৰ ওজন আচৰিত ধৰণে কমি গ‘ল। মহিলাগৰাকী হতাশ হ‘ল কিন্তু এক অৰ্থহীন তৰ্কৰ পিছত মানুহজনে ততাতৈয়াকৈ তাৰ পৰা পলায়ন কৰিলে। মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱটোৰ প্ৰকৃতি কি হ‘ব পাৰে, তুমি এজন চোৰাংচোৱাৰ দৰে বিচাৰিব পাৰিবানে?
উত্তৰ: তথাকথিত সোণাৰীজনে একুৱা ৰেজিয়া (Aqua Regia) নামৰ এটা দ্ৰৱ ব্যৱহাৰ কৰিছিল যাক লেটিন ভাষাত ৰয়েল ৱাটাৰ (Royal Water) বুলি কোৱা হয়। ই হ’ল 3:1 অনুপাতত থকা গাঢ় হাইড্ৰ’ক্ল’ৰিক এচিড আৰু গাঢ় নাইট্ৰিক এচিডৰ মিশ্ৰণ। একুৱা ৰেজিয়াই সোণ আৰু প্লেটিনামৰ দৰে নিষ্ক্ৰিয় ধাতুক দ্ৰৱীভূত কৰিব পাৰে। যেতিয়া ম্লান পৰা সোণৰ অলংকাৰৰ ওপৰৰ তৰপটো দ্ৰৱীভূত হয়, তেতিয়া তাৰ ওজন কমি যায়।
16. গৰম পানীৰ টেংকি বনাবলৈ ষ্টিল (আইৰণৰ এটা সংকৰ ধাতু) ব্যৱহাৰ নকৰি কপাৰ কিয় ব্যৱহাৰ কৰা হয়, কাৰণ দৰ্শোৱা।
উত্তৰ: গৰম পানীৰ টেংকি বনাবলৈ ষ্টিল (আইৰণৰ এটা সংকৰ ধাতু) ব্যৱহাৰ নকৰি কপাৰ ব্যৱহাৰ কৰা হয় কাৰণ কপাৰে পানীৰ (steam) লগত কোনো বিক্ৰিয়া নকৰে, আনহাতে আইৰণে ভাপৰ লগত বিক্ৰিয়া কৰি টেংকিটোৰ ক্ষয়ীভৱন ঘটায়।


Pingback: Class 10 Science Question Answer | PDF & HSLC PYQ